ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন-সকলো জাতি আৰু ধৰ্মালম্বীলোকৰ ঐক্যবদ্ধ শক্তি হ’ব অগপঃ অতুল বৰা

0 209

সমাগত নিৰ্বাচনবোৰত অগপক শক্তিশালীভাৱে অৱতীৰ্ণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে। ইতিমধ্যে অসম গণ পৰিষদ দলে আয়োজন কৰি অহা লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনসমূহত এই কথা পৰিস্ফুট হৈ উঠিছে।আজি ধুবুৰী জিলাত অনুষ্ঠিত ধুবুৰী লোকসভা সমষ্টিভিত্তিক কৰ্মকৰ্তা সন্মিলনে এই কথা পুনৰ প্ৰতীয়মান কৰিলে।ধুবুৰী লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা এই বিশেষ কৰ্মকৰ্তা সন্মিলনত সভাপতিত্ব কৰি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, দলৰ মূল চালিকাশক্তি হৈছে তৃণমূল পৰ্যায়ৰ কৰ্মী তথা নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ ত্যাগ আৰু কষ্ট। দলৰ এই অক্লান্ত সৈনিকসকলৰ বাবে অগপ দল ৰাইজৰ আস্থভাজন হৈ আছে আৰু হৈ থাকিব বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে জাতি-ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতি তথা খিলঞ্জীয়াৰ স্বাধিকাৰ ৰক্ষাৰ বাবে অগপই সদায় যুঁজি আহিছে আৰু যুঁজি যাব বুলি মন্তব্য কৰে। দীঘলীয়া সময় ধৰি ৰাজনীতিৰ নামত ৰাজনীতি কৰি অহা কংগ্ৰেছ,এ আই ইউ ডি এফ দলে সংখ্যালঘু লোকসকলৰ বাবে একো নকৰিলে ।সংখ্যালঘুৰ নামত ঘৰিয়ালৰ চকুপানী টুকি ৰাজনীতিহে কৰিলে। সংখ্যালঘু জনসাধাৰণৰ সামগ্ৰীক উন্নয়ণৰ স্বাৰ্থত সংখ্যালঘু লোকসকলেও সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ৰাজ্যখনৰ ৰাজনীতিৰ পৰা চিৰ বিদায় দি ৰাজ্যখনৰ সামুহিক বিকাশ আৰু উন্নয়নত অংশীদাৰ হবলৈ সংখ্যালঘু ৰাইজক বৰাই মুকলি আহ্বান জনায়। অসম গণ পৰিষদ দল ৰাজ্যখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকৰ বিশ্বাসযোগ্য দল। খিলঞ্জীয়াৰ সুৰক্ষা আৰু ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ বাবে দলটো দায়বদ্ধ বুলি মন্তব্য কৰি বৰাই আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে নিশ্চিত ভাৱে লোকসভাত প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে। সভাত বৰাই ধুবুৰীবাসীৰ আস্থা, মৰম আৰু বিশ্বাসক শিৰোধাৰ্য কৰি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত দলৰ কৰ্মকৰ্তাসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ দলৰ প্ৰতিজন নেতা-কৰ্মীক আহ্বান জনায়। অগপ শক্তিশালী মানেই আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা আৰু আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা বুলি মন্তব্য কৰি বৰাই আজিৰ সভাতেই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা সকলোকে অগপৰ বৃহৎ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনায় আৰু অগপৰ নীতি-আদৰ্শত ব্ৰতী থাকি দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ দল তথা ৰাইজৰ হকে অনাগত দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।আনহাতে প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা অগণন কৰ্মকৰ্তাৰ উপস্থিতিত ধুবুৰী জিলা পুথিভঁৰালত আয়োজিত এই বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি অগপ দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কৰ্মকৰ্তা সকলৰ অভূতপূৰ্ব উৎসাহ-উদ্দীপনা আৰু স্বতঃস্ফূৰ্ত সঁহাৰিয়ে অসম গণ পৰিষদৰ অপ্ৰতিৰোধ্য শক্তি পুনৰবাৰ প্ৰতীয়মান কৰিলে বুলি উল্লেখ কৰে। অসম গণ পৰিষদৰ আদৰ্শ আৰু দৃষ্টিভংগীৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ,এআইইউডিএফ আদি দলৰ শতাধিক কৰ্মীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিয়ে দলত যোগদান কৰাত সকলোকে আদৰনী জনাই কয় যে,ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু প্ৰগতিয়ে অসম গণ পৰিষদৰ লক্ষ্য। প্ৰগতিৰ যাত্ৰাক দুৰন্ত গতিৰে আগুৱাই লৈ যোৱাৰ বাবে অসম গণ পৰিষদ সদায় বদ্ধপৰিকৰ৷ৰাজ্যখনত বিৰামহীন উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবে অসম গণ পৰিষদক শক্তিশালী কৰিব লাগিব বুলি কৈ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত বিৰোধীক পৰাভূত কৰিবৰ বাবে ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদতে জনসংযোগ বৃদ্ধি কৰি দলটোক শক্তিশালী কৰিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায়। সন্মিলনত অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ তথা অগপৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা, উপ-সভাপতি জ্যোতিষ দাস,প্ৰশান্ত বৰুৱা, সুনীল ডেকা, সম্পাদক প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ,অসম মহিলা পৰিষদ প্ৰমুখ্যে অন্যান্য ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.