ধেমাজিত গ্ৰন্থ উৎসৱৰ প্ৰস্তুতি

0 235

WhatsApp Image 2018-01-16 at 4.45.09 PM

জ্ঞান বিজ্ঞানৰ আকৰ্ষণ, বৈজ্ঞানিক আৱিষ্কাৰৰ অভিনৱত্ন আৰু চিন্তাৰ বিস্তৃতি লাভ আদিয়ে আজিৰ এই একৈশ শতিকাৰ মানুহক কৰি তুলিছে গ্ৰন্থপ্ৰেমী। সদৌ ধেমাজি জিলাৰ ছাত্র সন্থাই ধেমাজি আঞ্চলিক ছাত্র সন্থা, ধেমাজি জিলা প্ৰশাসন, সদৌ অসম পুথি প্ৰকাশ আৰু বিক্ৰেতা সন্থা আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগত অহা ইংৰাজী ১৯ৰ পৰা ২৮ লৈ পাঠকৰ মন আকৰ্ষণ কৰি গ্ৰন্থ আন্দোলনক নতুন মাত্ৰা দিয়া পৰিকল্পনাৰে গ্ৰন্থ সমূহ সঠিক আৰু সাৱলীল ৰূপত উপস্থাপিত কৰি ধেমাজি মহাবিদ্যালয় খেল পথাৰত আৰম্ভ হ’ব উত্তৰ অসমৰ সৰ্ববৃহৎ গ্ৰন্থ উৎসৱ”ধেমাজি গ্ৰন্থ উৎসৱ”।

WhatsApp Image 2018-01-16 at 4.45.08 PM

নৱবৰ্ষৰ প্ৰথম মাহতেই অৱসাদগ্ৰস্ততাক নিলগাই একাকীত্ব পৰিৱেশৰ পৰা আতৰি আহি পাঠক সমাজে উপভোগ কৰিব পৰাকৈ ব্যতিক্ৰম আৰু অভিনৱত্বৰে আকৰ্ষনীয় ৰূপত গঢ় দিব খোজা গ্ৰন্থ উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গ্ৰন্থ মেলাৰ সমান্তৰালভাৱে আয়োজন কৰা আলোচনা চক্ৰ, ব্যক্তিত্ব আৰু নেতৃত্বত বিকাশ কৰ্মশালা, কেৰিয়াৰ পৰামৰ্শ, বিজ্ঞান প্ৰদৰ্শনী সমাৰোহ, জনগোষ্ঠীয় সাংস্কৃতিক আৰু সাহিত্য সমাৰোহ, কবি সন্মিলন, কুইজ প্ৰতিযোগিতা, মুখামুখি অনুষ্ঠান, হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালা, দেওবৰীয়া আড্ডা, চিত্ৰ প্ৰদৰ্শনী ,শিক্ষক-ছাত্ৰ সমাৰোহ, ককা-আইতা নাতিৰ অন্তৰংগ আলাপ, সাংস্কৃতিক অনুষ্ঠান, যোগ কৰ্মশালা, আকাশ পৰ্যবেক্ষণ আদি বিস্তৃত কাৰ্যসূচীৰে গ্ৰন্থ উৎসৱখনিক এক ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰিবলৈ যত্ন কৰা হৈছে। ৰাজ্যখনৰ লগতে দেশৰ শতাধিক আগশাৰীৰ পুথি প্ৰকাশকে অংশগ্ৰহণ কৰিব লগা এই উৎসৱৰ কাৰ্যসূচীলৈ বহু কেইজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, সদৌ ধেমাজি জিলা ছাত্র সন্থাই প্ৰকাশ কৰিব লগীয়া তিনিখন পুথি ক্ৰমে ‘জুইফুল’ ‘চিৰযুগমীয়া, ব্যক্তিত্ব-ড° ভূপেন হাজৰিকা’, ‘সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা জীৱন’ ৰ কাম ইতিমধ্যে সম্পন্ন হৈ উঠিছে।

বিজন শৰ্মা, ধেমাজি

 

Leave A Reply

Your email address will not be published.