শিল্পী দিৱস পালন

0 224

WhatsApp Image 2018-01-17 at 7.38.04 PM

আজি শিল্পী দিৱস। সমগ্ৰ অসমতে ৰূপকোঁৱৰ গৰাকীক স্মৰণ কৰি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। এইবাৰ জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ’) চ’চাইটিৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয়।

WhatsApp Image 2018-01-17 at 7.38.24 PM

জ্যোতি চিত্ৰবনৰ শিল্পী দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সমাজে শিল্পীক জন্ম দিয়ে। শিল্পীৰ অবিহনে সমাজখন সুন্দৰ ন’হলেহেতেন। শিল্পীয়ে মানুহৰ মনত মানৱীয় প্ৰমূল্যবোধৰ জন্ম দিয়ে। সেয়েহে শিল্পীসকলক ঈশ্বৰ দূত বুলি কোৱা হয়। ৰূপকোঁৱৰে নতুন চামক গছ-লতা, প্ৰকৃতিক ভাল পাবলৈ আহ্বান জনাইছিল। চৰকাৰেও বিভিন্ন ফল, ফুল, ঔষধি বৃক্ষ ৰোপনৰ কাম হাতত লৈছে। জ্যোতি চিত্ৰবনে অনাগত সময়ত চিনেমা উদ্যোগটোক প্ৰসাৰ ঘটাবলৈ যত্নপৰ হ’ব লাগিব।

WhatsApp Image 2018-01-17 at 7.38.54 PM

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে কয় যে – নৱপ্ৰজন্মক ৰূপকোঁৱৰৰ আদৰ্শৰে ব্ৰতী হ’লে শিল্পী দিৱস পালন প্ৰাসংগিক হৈ উঠিব। উল্লেখ্য যে ২০১৮ বৰ্ষত শিল্পী বঁটা অনিমা বৰঠাকুৰ আৰু কুল বৰুৱাক প্ৰদান কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ নৃত্য, গীত, কবিতা পাঠৰ অনুষ্ঠানৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা আদিবোৰ অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি জ্যোতিচিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জ্যোতি চিত্ৰবন আদৰ্শ আৰু কৰ্মৰ সম্পৰ্কে মন্তব্য কৰি কয় কৰি কয় যে অহা বছৰত আন্ত:ৰাষ্ট্ৰীয় শিশু চলচ্ছিত্ৰ মহোৎসৱ আয়োজন হ’ব। জ্যোতি চিত্ৰবনৰ বিভিন্ন সা-সৰঞ্জাম ৰেহাই মূল্যত ব্যৱহাৰ কৰাৰ বাবে যোগান কৰিবলৈ সাজু থকাৰ কথা জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.