নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ৪০ সংখ্যক ত্ৰৈ-বাৰ্ষিক সাধাৰণ সভাৰ সম্পন্ন

0 154

নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ৪০ সংখ্যক ত্ৰৈ-বাৰ্ষিক সাধাৰণ সভাখনি আজি দিনযোৰা কাৰ্য্যসূচীৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোদী স্মৃতি ভৱনত অনুষ্ঠিত হয়৷পুৱা ৯ বজাত পতাকা উত্তোলন কৰে নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ চন্দ্ৰ দাসে ৷ ছহিদ তৰ্পন কৰে মুক্তিযুঁজাৰু ডিম্বেশ্বৰ শইকীয়া,ছহিদ লক্ষীকান্ত হাজৰিকাৰ পুত্ৰ যতীন্দ্ৰ হাজৰিকা, সন্মিলনীৰ উপদ্দেষ্টা বিভা ফুকন আৰু কাৰ্য্যকৰী সদস্য মৃণাল কুমাৰ বৰাই৷অনুষ্ঠানত জিলা উপায়ুক্ত ,মুক্তিযুঁজাৰু সন্মিলনীৰ ৰাজ্যিক সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই অংশ লয় ৷১১ বজাত হোৱা বিষয় বাচনী সভাত পৰবৰ্তী ৩ বছৰীয়া কাৰ্যকালৰ বাবে যতিন্দ্ৰনাথ হাজৰিকাক সভাপতি আৰু নীলৰঞ্জন শৰ্মাক সম্পাদক হিচাবে নিৰ্বাচিত কৰে৷সভাত নগাঁও জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ সদস্য সকল আৰু মুক্তি যুঁজাৰু পৰিয়ালৰ প্ৰায় ডেৰ শতাধিক সদস্য উপস্থিত থাকে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.