নগাঁৱত আন্তজাতিক অহিংস দিৱস উদযাপন

0 389

আজি ২ অক্টোৱৰ আন্তৰ্জাতিক অহিংস দিৱস। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত, নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ব্যৱস্থাপনাত নগাঁৱত অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৮.৩০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতুিৰ্তিত মাল্যদান, বন্তি প্ৰজ্বলন, ৯.০০ বজাত বৃক্ষ ৰোপন, ৯.৩০ বজাত পতাকা উত্তোলন কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি ভোলানাথ নগৰীয়াই। ১০ বজাত গান্ধী প্ৰাৰ্থনাৰ পাছতে আৰম্ভ হয় স্মৃতি চাৰন সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান। কেন্দ্ৰীয় সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু নগাঁৱৰ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁতধৰা আৰু নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উদ্বোধন কৰা স্মৃতি চাৰণ অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি জিতেন্দ্ৰ নাথ শৰ্মা, উপ সভাপতি পুনেশ্বৰ দুৱৰা, গকুল গগৈ, নগাঁও জিলাৰ সভাপতি যতীন্দ্ৰ নাথ হাজৰিকা, বিশিষ্ট সাহিত্যক ড° ভূপেন শইকীয়া, থগিত মহন্তই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ২ অক্টোৱৰ স্মৃতি সোঁৱৰি ত্রলোক্য ভট্টাচাৰ্যৰ সম্পাদনাত অনুস্মৰণ :২ অক্টোবৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈ

Leave A Reply

Your email address will not be published.