নগাঁৱৰ এইচডিএফচি বেংক শাখালৈ মাইক্ৰ’ফাইনেন্সত দেখুওৱা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বাবে নাবাৰ্ড বঁটা

0 243

নগাঁও জিলাৰ এইচডিএফচি বেংকৰ নগাঁও শাখাই ৰাজ্যৰ ভিতৰত মাইক্ৰ’ফাইনেন্স(যুটীয়া দায়বদ্ধতা গোট বা জেএলজি ফাইনেন্সিং)ত দেখুওৱা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বাবে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ড বঁটা লাভ কৰিছে। সকলো ব্যক্তিগত খণ্ডৰ বেংকক অতিক্ৰম কৰি এইচডিএফচি বেংকৰ শাখাটোৱে এই বঁটা লাভ কৰিছে। লগতে এই শাখাটো ৰাজ্যৰ ভিতৰত মাইক্ৰ’ফাইনেন্সত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন শাখা হিচাপে বিবেচিত হৈছে।
কালি নাবাৰ্ডে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত এইচডিএফচি বেংকৰ বহনক্ষম জীৱিকা উদ্যোগ (এছএলআই)ৰ সম্পৰ্ক প্ৰৱন্ধক ভগবান বৰুৱাক অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত বেংকৰ আন শীৰ্ষ বিষয়াৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ব্যৱসায়িক মুৰব্বী বাণী কান্ত বৰাকে ধৰি আন বহুজন উপস্থিত থাকে।
এই বঁটাৰ জৰিয়তে নাবাৰ্ডে অসমত স্ব-সহায়ক গোট (এছ.এইচ.জি) আৰু যুটীয়া দায়বদ্ধতা গোট (জে.এল.জি) সৃষ্টি কৰাৰ বাবে এইচডিএফচি বেংকৰ প্ৰচেষ্টাক স্বীকৃতি দিয়ে।এই বেংকে এছ.এইচ.জি. আৰু জে.এল.জিৰ সৈতে পিৰামিডৰ তলত বাস কৰা নাগৰিকসকলৰ জীৱন সলনি কৰিবলৈ কাম কৰি আছে।
বেংকৰ বহনক্ষম জীৱিকা উদ্যোগ বা এছএলআইৰ লক্ষ্য হৈছে ব্যক্তিসকলৰ বিত্তীয় আৰু সামাজিক সৱলীকৰণ কৰা। লগতে ব্যক্তিসকলৰ বিত্তীয় অন্তৰ্ভুক্তিৰ উপৰি বিত্তীয় সাক্ষৰতা আৰু দক্ষতা নিৰ্মাণ কৰা।এইচডিএফচি বেংকে ইয়াৰ এছ.এল.আইয়ে গ্ৰাহকসকলক বজাৰৰ সৈতে সংযোগ কৰি দিয়াৰ লগতে ঋণ সমৰ্থন, প্ৰশিক্ষণ আৰু ক্ষমতা প্ৰদান কৰে। বেংকে এই ক্ষেত্ৰত অসমৰ ৪.৬১লাখ পৰিয়ালক সামৰি লৈছে।দেশজুৰি বেংকে এই ক্ষেত্ৰত ১০.৩ নিযুতৰো অধিক পৰিয়ালক সামৰি লৈছে, যাৰ ফলত ৪১ নিযুতৰো অধিক লোকৰ জীৱন সলনি হৈছে।
উন্নয়ন সন্দৰ্ভত মন্তব্য কৰি এইচডিএফচি বেংকৰ শাখা বেংকিং মুৰব্বী সন্দীপ কুমাৰে কয়, নাবাৰ্ডৰ পৰা এই বঁটা লাভ কৰি আনন্দিত, যিয়ে মানুহৰ জীৱনলৈ এক পাৰ্থক্য আনিবলৈ আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইচডিএফচি বেংকে এছ.এল.আইৰ জৰিয়তে সমগ্ৰ দেশৰ লাখ লাখ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু পৰিৱৰ্তন আনিছে। এই বঁটাটোৱে আমাক এই প্ৰচেষ্টাক অসম আৰু দেশৰ অন্যান্য প্ৰান্তত আগুৱাই নিয়াৰ বাবে অনুপ্ৰাণিত কৰিব।
২০২১ৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত এইচডিএফচি বেংকৰ দেশৰ ২,৯২৯খন চহৰ-মহানগৰত বিতৰণ নেটৱৰ্ক আছিল ৫,৬৮৬ টা শাখা আৰু ১৬,৬৪২টা এটিএম/কেচ ডিপজিট আৰু ৱিথদ্ৰৱাল মেচিন (Withdrawal Machines) (চিডিএম)।

Leave A Reply

Your email address will not be published.