নগাঁৱৰ জাজৰি অঞ্চলৰ নতুন প্ৰজন্মৰ প্ৰয়াস – পবিত্র ভাদ মাহত মাহযোৰা গুৰুজনাৰ কৃষ্টি সংস্কৃতি অনুশীলন

0 205

অসমৰ জাতীয় জীৱনত ভাদ মাহক পবিত্র বুলি গণ্য কৰা হয়। এই পবিত্র ভাদ মাহতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি উদযাপিত হৈ আহিছে। যুগ যুগ ধৰি পবিত্র ভাদ মাহটো অসমৰ অসমীয়া সমাজে পৰম্পৰাগত ভাৱে আৰু ভক্তিভাৱে সমগ্ৰ অসমৰ সত্র, নামঘৰসমূহত ভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন হৈ আহিছে। বিশেষকৈ পুৱাৰে পৰা সন্ধ্যালৈকে অসমৰ অসমীয়া গাঁওসমূহত ভকত বৈষ্ণৱ সকলে গুৰুজনাৰ ভক্তি ধৰ্মৰ চৰ্চা নামপ্ৰসংগ, ভাগৱত পাঠ, বিয়লি আইসকলৰ নাম আৰু সন্ধ্যা গাঁৱৰ প্ৰত্যকঘৰ গৃহস্থীৰে একোজন হলেও সমূহীয়া নামঘৰলৈ গৈ সন্ধ্যা প্ৰসংগত যোগদান কৰি গাঁৱৰ, পৰিয়ালৰ লগতে দেশৰ মংগল কামনা কৰাটো পৰম্পৰাগত নিয়ম হৈ আহিছে। সেয়ে এক কথাত অসমীয়া গাঁও সমূহ পবিত্র ভাদ মাহটো ভকতিৰ অমীয়া ৰসত যেন বুৰ গৈ থাকে। তাৰ সমান্তৰালকৈ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ দক্ষিন জাজৰি অঞ্চলত নতুন প্ৰজন্মৰ প্ৰতিভাবান যুৱক সকলকো এই ক্ষেত্রত দেখা গল অনন্য ৰূপত। প্ৰায় ৫০ বছৰ অতিক্ৰম কৰা দক্ষিন জাজৰি সাৰ্বজনীন শ্ৰীমন্ত শংকৰ মন্দিৰ প্ৰাংগনত অঞ্চলটোৰ নতুন প্ৰজন্মৰ যুৱক সকলে পবিত্র ভাদ মাহৰ আৰম্ভণি সংক্ৰান্তৰ পৰা শুক্ৰবাৰে শেষৰটো সংক্ৰান্তিলৈকে সম্পূৰ্ন মাহটো মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব অবদান নাম কীৰ্তন, ঘোষা, বৰগীত, ভাগৱত পাঠ, তাল, খোল, নেগেৰা আদি চৰ্চ্চা কৰি এক প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই ক্ষেত্রত অঞ্চলবাসী সচেতন ৰাইজে নতুন যুৱ প্ৰজন্মৰ এনে আধ্যাত্মিক চিন্তা চৰ্চাক আদৰণি জনাইছে। এই মাহযোৰা কাৰ্যসূচীত আৰম্ভণি আৰু সামৰণি সংক্ৰান্তী, মহাপুৰুষ গুৰুদুজনাৰ তিৰোভাৱ তিথি, শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন আৰু প্ৰতিদিনে সন্ধ্যা প্ৰসংগ অনুশীলন কৰে। এই ক্ষেত্রত উদ্যোগ গ্ৰহণ কৰে দক্ষিন জাজৰি শ্ৰীমন্ত শংকৰ মন্দিৰ পৰিচালনা সমিতিয়ে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.