নগালেণ্ডৰ এদল উদ্যমীৰ জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ গ্ৰহণ

0 333

অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ একাংশ শিক্ষিত যুৱক যুৱতীৰ ক্ষুদ্ৰ চাহ খেতিৰ প্ৰতি আগ্ৰহ বাঢ়িছে ।জৈৱিক চাহ খেতিৰ যোগেদি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে । জৈৱিক চাহ খেতি আৰু গ্ৰীণ টি উৎপাদনৰ প্ৰশিক্ষণ ল’বলৈ অসমলৈ সোঁত বৈছে নগালেণ্ডৰ একাংশ শিক্ষিত উদ্যমী যুৱক যুৱতীৰ দল। শেহতীয়াকৈ নগালেণ্ডৰ ম’ন জিলাৰ পৰা নগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত জৈৱিক চাহ খেতি আৰু গ্ৰীণ টি উৎপাদনৰ ওপৰত বিশেষ প্ৰশিক্ষণ গ্ৰহণৰ উদেশ্যেৰে অসমলৈ ১৫ জনীয়া নগা যুৱক যুৱতীৰ এটা দল আহে। দলটোৱে কৃষি বিশ্ববিদ্যালয়ত ২০ দিনীয়া এক প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে নিজ ৰাজ্যলৈ উভটি গৈছে। আনহাতে নগালেণ্ডৰ উক্ত দলটো জৈৱিক চাহ খেতি আৰু গ্ৰীণ টি উৎপাদনৰ ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ বাবে আহে যোৰহাট জিলাৰ চেলেংহাটৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুৎ প্ৰসাদ গগৈৰ পুঞ্জয় জৈৱিক চাহ বাগিছালৈ। উল্লেখ্য যে ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈৰ পুঞ্জয় অৰ্গেনিক গ্ৰীণ টিয়ে দেশে বিদেশে সুনাম কঢ়িয়াইছে। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ দুগৰাকী জেষ্ঠ অধ্যাপক  ড° দিগন্ত বৰা আৰু ড° অদিতি স্মিথ গগৈৰ তত্বাৱধানত নগা যুৱক যুৱতীৰ ১৫ জনীয়া দলটোৱে অচ্যুত প্ৰসাদ গগৈৰ জৈৱিক চাহ বাগিছাত উপস্থিত হৈ জৈৱিক চাহ খেতিৰ বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰা লগতে বাগিছাৰ পৰা নিজে পাত চিঙি ক’ল ঘৰত থলুৱা পদ্ধতিৰে গ্ৰীণ টি উৎপাদন কৰা সমগ্ৰ প্ৰক্ৰিয়াটোৰ  প্ৰশিক্ষণ গ্ৰহণ কৰে। আনহাতে অসমত লাভ কৰা এই প্ৰশিক্ষণে নগালেণ্ডত ক্ষুদ্ৰ চাহ খেতি প্ৰসাৰতাত তথা গুণগত জৈৱিক গ্ৰীণ টি উৎপাদনত যথেষ্ঠ উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষাৰ্থীসকলে ।  ক্ষুদ্ৰ চাহ খেতিৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী সকলক কাষত পাই পুঞ্জয় টি ৰ স্বত্বাধিকাৰী অচ্যুত প্ৰসাদ গগৈ উৎসাহী হৈ পৰে। নগালেণ্ডৰ দলটোৱে তেওঁক নগালেণ্ডৰ ম’ন জিলালৈ নিমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিয়ে। আনহাতে উগ্ৰবাদী তথা সংস্থাপনহীনতা সমস্যাৰে ভাৰাক্ৰান্ত পাহাৰীয়া ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতীসকল শেহতীয়াকৈ ক্ষুদ্ৰ চাহ খেতি তথা জৈৱিক গ্ৰীণ টি উৎপাদনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা কাৰ্যই নগালেণ্ডত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে ।খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ।

Leave A Reply

Your email address will not be published.