নতুনকৈ সৃষ্টি কৰা উপ-জিলা(সম জিলা)ৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ সামৰ্থ বৃদ্ধি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

0 11

দিছপুৰ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত নতুনকৈ সৃষ্টি কৰা উপ-জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ সামৰ্থ বৃদ্ধি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুচৌৰিৰ লালবাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অব এডমিনিষ্ট্ৰেচনৰ সহযোগত যোৱা ৯ চেপ্তেম্বৰৰ পৰা আজিলৈকে দুসপ্তাহৰ বাবে আয়োজিত এই সামৰ্থ বৃদ্ধিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অহা ২অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ত কাৰ্যক্ষম হ’বলগীয়া উপ-জিলা সমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্ত সকলক শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰশাসনক ৰাইজৰ দুৱাৰদলিলৈ লৈ যোৱাৰ এক অন্যতম পদক্ষেপ হিচাপে আৰম্ভ কৰিবলগীয়া এই উপ-জিলা সমূহক ফলপ্ৰসূ কৰাৰ দিশত ঐকান্তিকতাৰে কৰ্মত অগ্ৰসৰ হোৱাৰ বাবে আহ্বান জনায়। উপ-জিলা সমূহৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অধিক নাগৰিকমুখী সেৱা আগবঢ়োৱাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি মন্ত্ৰী দাসে উপ-জিলাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক অধিক জনসাধাৰণমুখী আৰু সহাৰিপূৰ্ণ সেৱা আগবঢ়োৱাৰ দিশত ঐকান্তিকতাৰে প্ৰয়াস চলোৱাৰো আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত অসমৰ উন্নয়নে এক বিশেষ মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী দাসে বিষয়া সকলক নাগৰিকৰ সৈতে সঘনাই মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ প্ৰতি বিশেষ দৃষ্টি দিয়াৰো আহ্বান জনায়।আজিৰ এই সামৰণি অনুষ্ঠানতে মন্ত্ৰী দাসে এই প্ৰশিক্ষণ কাৰ্যসূচীত বিশেষ প্ৰদৰ্শন দাঙি ধৰা বিষয়াৰ গোট সমূহক প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে প্ৰশাসনিক সূচলতা আৰু কাৰ্যদক্ষতা বৃদ্ধি তথা এক নাগৰিকমুখী সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰত প্ৰথম পৰ্যায়ত ৩৯ খন উপ-জিলাৰ কাম-কাজৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনত সৰ্বমুঠ ৭৮ খন উপ-জিলা সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে।আজিৰ এই সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ৰবি কোটা, লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় একাডেমী অব এডমিনিষ্ট্ৰেচনৰ সঞ্চালক শ্ৰীৰাম তৰণিকান্তি, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে.কে.দ্বিৱেদি, কৰ্মচাৰী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এচ মনিৱন্ননেও উপ-জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্ত সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।উল্লেখ্য যে এই সামৰ্থ বৃদ্ধি কাৰ্যসূচীত ৫ গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াকে ধৰি সৰ্বমুঠ ১০৭ গৰাকী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.