নদুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ পদক্ষেপ

0 251

ক`ৰণাকালত জনজীৱন স্তব্ধ হৈ পৰাৰ সময়ত জৰ্বকাৰ্ডৰ জৰিয়তে জীৱন জীৱিকাৰ পথ মুকলি কৰিছে নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ে ৷ প্ৰায় সংখ্যক হিতাধিকাৰীক জৰ্বকাৰ্ডৰ জৰিয়তে কৰ্ম সংস্থাপনৰ সুবিধা দিছে উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ে ৷ ইয়াৰোপৰি উন্নয়নখণ্ডটোৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ওৱাৰ্ডলৈ গৈ ৰাইজৰ অৰ্থনৈতিক সমস্যাৰ বুজ লোৱাৰ লগতে গাঁও সমুহৰ ইচ্ছুক ব্যক্তিক মাছ পোহ পালনৰ জৰিয়তে উপকৃত হব পৰাকৈ আঁচনি প্ৰস্তুুত সন্দৰ্ভত আলোচনা কৰে ৷ ইতিমধ্যে এই আচঁনিৰ আজি শুভ উদ্ধোধনো কৰা হয় ৷ জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয় চৌহদত থকা এটা পুখুৰীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে প্ৰায় ১ কুইন্টেল মাছৰ পোনাৰ লক্ষ্যৰে আজি ৪০ কেজি মাছৰ পোনা মুকলি কৰি এতিয়াৰে পৰা প্ৰতিখন গাওঁৰ সুবিধাজনক পুখুৰীত মাছ পোহ পালনৰ সুবিধা প্ৰদান কৰা হ`ব বুলি মত প্ৰকাশ কৰে নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই ৷ ক`ৰণা মহামাৰীৰ সময়চোৱাত উন্নয়নখণ্ডৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলে ৰাইজক যি ধৰণে সেৱা আগবঢ়ালে সেইয়া সদায় স্মৰণীয় হৈ থাকিব বুলিও মন্তব্য কৰে খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই ৷ লগতে কয় যে লকডাউনৰ সময়চোৱাত যিসকল দৰিদ্ৰ লোকে জীৱন অতিবাহিত কৰিবলৈ বহু সমস্যাত পৰিছে তেনে সময়তে শোণিতপুৰ জিলাৰ ভিতৰত নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা এম জি এন ৰেগা আঁচনিসমুহ জব কাৰ্ডৰ জৰিয়তে প্ৰতিটো পঞ্চায়তত প্ৰায় ৭ কোটি টকাৰ মজুৰি লাভ কৰিবলৈ সক্ষম হৈছে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.