নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সভা

0 202

নদুৱাৰ শিক্ষা কেন্দ্ৰৰ অধিনৰ খেৰবাৰীস্থিত ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় শৈক্ষিক সভা ৷ স্থানীয় ১৫ খনৰো অধিক গাওঁৰ পৰা অহা অভিভাৱক ছাত্ৰছাত্ৰী সকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য উপস্থিতিত বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলে এই শৈক্ষিক সভা অনুষ্ঠিত কৰে ৷ ছাত্ৰছাত্ৰী ,অভিভাকৰ লগত শিক্ষক সমাজৰে সম্পৰ্ক ৰক্ষা কৰি কেনেকৈ শিক্ষাৰ মান উন্নত কৰি পাৰি,শৈক্ষিক দিনপঞ্জী , মধ্যাহ্ন ভোজন, মূখ্যমন্ত্ৰীৰ ছাত্ৰ বৃত্তি আচঁনি, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা ,অভিভাৱক সকলৰ সহযোগীতা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক কুৰ্মীৰ সঞ্চাঁলনাত অনুষ্ঠিত শৈক্ষিক সভাখনিত ছাত্ৰছাত্ৰী সকলৰ মাজত বিনামূলীয়া কিতাপ বিতৰণ কৰা হয় ৷
জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.