নলবাৰীত মুছলমান মহিলাৰ সৱলীকৰণ সভা অনুষ্ঠিত

0 249

খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থিক সামাজিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে যোৱা চাৰি জুলাইত অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ সৈতে আলোচনাত মিলিত হৈছিল৷ সেই আলোচনাৰ অন্তত খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সাতখন উপ সমিতি গঠন কৰি তিনি মাহৰ ভিতৰত তেওঁলোকক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল৷
সেই সাত সমিতিৰ ভিতৰৰে মহিলা সৱলীকৰণ সমিতিখনৰ এটা প্ৰতিনিধি দলে সোমাবাৰে নলবাৰীত উপস্থিত হৈ জিলাখনৰ খিলঞ্জীয়া মুছলমানৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰা হয়৷
জানিব পৰা মতে মহিলা সৱলীকৰণ সমিতিৰ অধ্যক্ষা ডঃ নাজবানা আহমেদ, সদস্যা ডাঃ জিছান আহমেদ,সদস্য সচিব ফৰিদা চামচুল আদি উপস্থিত হৈ জিলাখনৰ বিশেষকৈ মহিলা সৱলীকৰণ সন্দৰ্ভত আলোচনা কৰে৷ যুৱ সমাজকৰ্মী তথা সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাৰ লগতে বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷আলোচনা কালত নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত ফিৰদোছ আলম, অতিৰিক্ত উপায়ুক্ত চয়ানিকা ঠাকুৰীয়া,অংশুলিশা দত্ত পাঠক আদি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.