নলবাৰীৰ সৰিয়হতলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আজি নাৰিকল ৰোপণ খেতি সম্পৰ্কে এখন কৰ্মশালা অনুষ্ঠিত হয় । নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত উক্ত কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত নাৰিকল ৰোপণ সম্পৰ্কে ল’ব লগা সজাগ আৰু সচেতনতাৰ লগতে ইয়াৰ ৰোগ সম্পৰ্কে আৰু বৈজ্ঞানিক ভিত্তিত নাৰিকল ৰোপণ সম্পৰ্কে কৃষকসকলক অৱগত কৰা হয় । উক্ত কৰ্মশালা খনৰ আদৰণি ভাষণ আগবঢ়াই নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী মানসী চক্ৰৱৰ্তীয়ে।উক্ত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নাৰিকল উন্নয়ন বোৰ্ডৰ হৰটিকালচাৰ এচিছটেণ্ট মৃদূল তালুকদাৰ, মহকুমা কৃষি বিষয়া কুমুদ হালৈ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ হৰটিকালচাৰ বিভাগৰ প্ৰধান হোমেশ্বৰ মজুমদাৰৰ লগতে উপস্থিত থাকে নাৰিকল উন্নয়ন বোৰ্ডৰ কাৰিকৰী সহযোগী কমল বৈশ্য। নাৰিকল ৰোপণ সম্পৰ্কীয় উক্ত কৰ্মশালাখনত প্ৰায় ৪০ জন কৃষক উপস্থিত থাকে ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী