নাচাৰ সফলতা-সন্ধান দিব মংগল গ্ৰহৰ বহু নজনা কথাৰ..

0 279

বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখন প্ৰসাৰ হোৱাৰ সমান্তৰাল ভাৱে অন্তৰীক্ষ যাত্ৰাই এক নতুন মোৰ লাভ কৰিছে।পৃথিৱীৰ বাহিৰে মংগল গ্ৰহত জীৱন সম্ভৱনে ? প্ৰাচীন কালত মংগল গ্ৰহত জীৱ আছিল নেকি? এই সমূহৰ প্ৰশ্ন উত্তৰ বিচাৰি বৈজ্ঞানিক সকলে বহুকেইটা অভিযান ইতিমধ্যে আৰম্ভ কৰিছে।ইয়াৰ ভিতৰত মাক্স পাৰ্ট ফাইণ্ডাৰ আৰু টিউৰুচিটি অভিযান অন্যতম।বৈজ্ঞানিক সকলে ৰুভাৰলেণ্ডাৰ আৰু অৰবিটাৰ জৰিয়তে অভিযান চলাই ।ইয়াৰ অংশবিশেষ অন্য এক অভিযান হ’ল পাৰ্ছীভাৰেন্স টোৱেন্টি টোৱেন্টি।এই অভিযানৰ সফলতাপূৰ্ণ অংশ হিচাপে কালি নাচাই মংগল গ্ৰহত লেণ্ড কৰাবলৈ সক্ষম হ’ল দ্ৰোণ হেলিকপ্টাৰ পাৰ্ছীভাৰেন্স টোৱেন্টি টোৱেন্টি।
জানিব পৰা মতে দ্ৰোণ হেলিকপ্টা খনে প্ৰতি ঘণ্টাৰ ২০ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।এই ৰুভাৰলেণ্ডাৰ খনে মংগল গ্ৰহৰ অতি দুৰ্গম অঞ্চলৰ পৰা চিত্ৰ প্ৰেৰণ কৰিব। বিশেষকৈ মংগল গ্ৰহ বায়ুমণ্ডল ,প্ৰাচীন অণুজীৱৰ অৱস্থিতি সম্পৰ্কে সম্ভেদ দিব।এই মিচনটো লগত জড়িত হৈ ভাৰতীয় এগৰাকী মহিলা।তেখেতৰ নাম স্বাতী মোহন।এই খবৰে দেশবাসীক অতি গৌৰৱাম্বিত কৰি তুলিছে।

Leave A Reply

Your email address will not be published.