নাট কৰ্মশালা সম্পন্ন

0 248

মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান  দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত এজাক শিশুৰ কলৰবে মুখৰিত কৰিলে। স্বেচ্ছাসেৱী সংগঠন “ঐক্যতা” ৰ উদ্যোগত তৃতীয় বৰ্ষৰ বাবে যোৱা ৭ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিনামুলীয়া নাট কৰ্মশালাৰ কালি সফল সামৰণি পৰে। এই উপলক্ষে আবেলি ৩ বজাত সমূহীয়া বন্তি প্ৰজ্বলনৰে সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ হয়। অনুষ্ঠানত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৈতেন্দ্ৰ সিং হাজাৰী, সাংবাদিকক্ৰমে দিপক কলিতা, ৰতন কলিতা, ঐক্যতাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশি প্ৰেৰণা মূলক ভাষণ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে পোন্ধৰদিনীয়াকৈ বিনামূলীয়াকৈ নাট কৰ্মশালাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰস্তুত কৰি উলিওৱা শিশুনাট ৰাজহাঁহ আৰু কাউৰী, সিংহ আৰু নিগনি,  সীতাৰ সয়ম্বৰ, শূণ্যৰ পৰা অসীমলৈ, সৰু চোৰ বৰ চোৰ লগতে মানুহ আমি সমাজৰ শীৰ্ষক সংগীত নাট কেইখন মঞ্চস্থ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানটোত বিশেষভাৱে সহযোগিতা আগবঢ়ায় সম্পাদক জীতুমণী দাস আৰু বিত্ত সম্পাদক বিকাশ দাসে। অনুষ্ঠানৰ শেষত প্ৰশিক্ষকদ্বয় ৰূপম দাস আৰু অপূৰ্ব বৰ্মনে ল’ৰা-ছোৱালীক নিজৰ ইচ্ছা অনুযায়ী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰধিকাৰ দিব লাগে বুলি উল্লেখ কৰি প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰে। সমূহ কাৰ্যসূচীৰ আঁত ধৰে ঐক্যতাৰ সাংস্কৃতিক সম্পাদক দিৱস দৰ্শনে। অনুষ্ঠানত শতাধিক লোকে অংশ গ্ৰহণ কৰি স্বেচ্ছাসেৱী সংগঠন ঐক্যতাই লোৱা এনে আদৰণীয় পদক্ষেপক ভুয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.