নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীয়ে আজি প্ৰথমবাৰৰ বাবে ইয়াৰ পৰিব্যাপ্ত চিকিৎসা সেৱা সূচীত সংযোজন কৰিলে বৃক্ক সংৰোপন ব্যৱস্থা। নলবাৰী জিলাৰ ২৭ বছৰীয়া যুৱক গোপাল দাসৰ দেহত সফলতাৰে বৃক্ক সংৰোপন কৰি এই অনবদ্য সেৱাৰ শুভাৰম্ভ কৰে। আৰু আজি তাৰেই আনুষ্ঠানিক ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ অৰুণিমা মহন্তৰ নেতৃত্বত চিকিৎসকৰ এটা দলে সংশ্লিষ্ট যুৱকজনৰ দেহত বিকল হৈ পৰা বৃক্ক আঁতৰাই আন এটা বৃক্ক সংৰোপন কৰে। উল্লেখ্য যে পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে ৫৫ বছৰীয়া মাতৃয়ে নিজৰ দেহৰ এটা বৃক্ক পুত্ৰলৈ দান দিয়ে।উল্লেখ্য যে বিগত ২২ ছেপ্তেম্বৰ তাৰিখে চিকিৎসালয়তে সংশ্লিষ্ট ৰোগীগৰাকীৰ দেহত সফলতাৰে বৃক্ক সংৰোপন কৰা হয়। এই সন্দৰ্ভত চিকিৎসালয়খনৰ বিশেষজ্ঞ লেপাৰ’স্ক’পিক তথা ৰেনেল ট্ৰান্সপ্লাণ্ট ছাৰ্জন ডাঃ সৈকত মালিকে কয় যে অস্ত্ৰোপচাৰৰ পিছত অতি সুন্দৰভাৱে আৰোগ্য লাভ কৰিছে গোপাল দাসে আৰু অস্ত্ৰোপচাৰৰ মাত্ৰ ১০ দিনৰ ভিতৰতেই ৰোগীগৰাকীক চিকিৎসালৰ পৰা বিদায়ো দিয়া হৈছে। সম্প্ৰতি চিকিৎসকৰ সূক্ষ্ম নিৰীক্ষণত আছে ৰোগীগৰাকী। তেওঁ লগতে কয় যে ক্ৰ’নিক ৰেনেল বিকাৰৰ সমূখীন হোৱা ৰোগীয়ে পুনৰ এক স্বাভাৱিক জীৱন লাভ কৰিবৰ বাবে সংৰোপনেই শ্ৰেষ্ঠতম চিকিৎসা।ইফালে চিকিৎসালয়খনৰ বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ এছ ডব্লিউ হাছানে বৃক্ক প্ৰদান কৰা মাতৃগৰাকীৰো ক্ষীপ্ৰ উপশমক লৈ সন্তুষ্টি ব্যক্ত কৰে। আনফালে সমগ্ৰ সংৰোপন ব্যৱস্থাটোক নেতৃত্ব দিয়া ডাঃ অৰুণিমা মহন্তই লগতে কয় যে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ নেফ্ৰ’ল’জী বিভাগ এতিয়া সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তি আৰু সা-সৰঞ্জামেৰে সজ্জিত আৰু এতিয়া বিভিন্ন ধৰণৰ বৃক্ক সংক্ৰান্তীয় জটিলতা, বিকাৰ, ৰোগ আদিৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম। বৃক্ক সংৰোপনৰ পিছত হ’ব পৰা জটিলতাৰ চিকিৎসা, ২২ টাকৈ যন্ত্ৰেৰে হেমোডায়েলাইছিছ আৰু কিডনী বায়’পছীৰ সুবিধাও এতিয়া সম্ভৱ।আনহাতে আজি চিকিৎসালয় প্ৰাঙ্গনতে আয়োজিত এক সংবাদ মেল যোগে এই বৃক্ক সংৰোপন সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই। সংবাদমেলত উপস্থিত থাকি চিকিৎসালয়খনৰ জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট সমাজকৰ্মী শুভকৰণ বাফনাই এনে এক অতি প্ৰয়োজনীয় সেৱাৰ সংযোজনত সন্তুষ্টি প্ৰকাশ কৰে আৰু এই সেৱাই সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে ৰোগীসকলক যথেষ্ট উপকৃত কৰিব বুলি কয়।সংবাদমেলত উপস্থিত থাকি চিকিৎসালয়খনৰ ফেচিলিটি ডিৰেক্টৰ অজিত বেল্লামকোণ্ডাই কয় যে এতিয়াৰে পৰা ডাঃ সৈকত মালিকৰ নেতৃত্বত বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ এছ ডব্লিউ হাছান, বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ অৰুণিমা মহন্ত আৰু ডাঃ হামিদ হিলানীয়ে বৃক্ক সম্পৰ্কীয় চিকিৎসা আগবঢ়াই যাব।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ