আজি গুৱাহাটী মহানগৰীৰ নাৰেংগী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাংগণত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ৮৩ বছৰীয়া কবি, লেখক ডা : অৱনী মোহন শৰ্মাৰ কাব্য সংকলন নৱ কল্লোল আৰু গল্প সংকলন মৌন বেদনা শুভ উন্মোচন কৰা হয় । নিউ গুৱাহাটী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিধন বৰ্মণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই । ড০ প্ৰান্তিকা শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ কৰা সভাত কাব্য সংকলনখনি উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক, বিশিষ্ট কবি, লেখক, সমালোচক ড০ ৰোমান শৰ্মাই কয়- কবিতাৰ প্ৰতি মানুহৰ আকৰ্ষণ অনন্য । ব্যতিক্ৰম ধৰ্মী লেখনি, ৰছনা, সৃষ্টিবোৰ মানুহৰ মাজত মনত থাকে । মানৱীয় প্ৰমূল্যবোধৰ লেখাইহে মানুহৰ মনত সাচ বহুৱায় । মানৱতা দৰ্শনৰ গুণ, দুৰ্দশাগ্ৰস্তজনৰ হকে লিখাবোৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে । অসূয়া শক্তি, অপ শক্তি, অপ-সংস্কৃতিৰ বিৰুদ্ধে কবিতা বা অন্যান্য সাহিত্য সৃষ্টি কৰিব লাগে । হিংসা,বিদ্বেষ, যুদ্ধৰ বিৰুদ্ধে কলম চলাব লাগে। গল্প সংকলনখনি উন্মোচন কৰি গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ পূৰ্ণ ভট্টাচাৰ্যই কয়- মানুহ চিৰ প্ৰেমিক । মৃত্যুলৈকে অন্তৰত প্ৰেম প্ৰবাহিত হৈ থাকে । সাহিত্যত সতেজতা থাকিবই লাগিব । সাহিত্যত যুগৰ প্ৰভাৱ,সভ্যতাৰ প্ৰভাৱ স্পষ্টকৈ পৰে ।কাহিনী আৰু বৰ্ণনা একে হ’ব লাগে ।জীৱনত অধ্যয়ন কৰিলেহে সত্য উপলব্ধি কৰিব পাৰে ।শিক্ষয়িত্ৰী প্ৰণামিকা শৰ্মাই আঁত ধৰা সভাত অৰ্ণৱ শইকীয়া আৰু মীনাক্ষী ঠাকুৰীয়াই গীত, মনোজ কুমাৰ মিশ্ৰই কবিতা আবৃত্তি কৰে। নিধন বৰ্মণে সভাপতিত্ব কৰা সভাত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ড০ দীনেশ চন্দ্ৰ কলিতাই সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি