নিজৰ গাঁঠিৰ ধনেৰে ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠান চেনিটাইজ কৰিছে নাচিকুৰে

0 272

নিজৰ গাঁঠিৰ ধন ভাঙি জনসাধাৰনৰ বাবে বিনামূলীয়া চেনিটাইজেশ্বন কৰি পুনৰ চৰ্চালৈ আহিছে নলবাৰীৰ ঘগ্ৰাপাৰৰ ক’ভিড যোদ্ধা নাচিকুৰ ৰহমান।সমগ্ৰ বিশ্বত ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ আতংক চলি থকা সময়তে নলবাৰীৰ ঘগ্ৰাপাৰৰ চাইকেল মেকানিক তথা ক’ভিড যোদ্ধা নাছিকুৰ ৰহমানে বিনামূলীয়াকৈ চেনিটাইজেশ্বন কৰি ৰাইজক সেৱা প্ৰদান কৰি আহিছে । ক’ৰণা যুদ্ধৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত জিলাখনৰ সকলোবোৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান নিজৰ পকেটৰ ধন খৰছ কৰি চেনিটাইজড কৰি ৰাইজৰ মাজত এক বিশেষ সজাগতা অনাৰ পিছত ক’ৰণা যুদ্ধৰ দ্বিতীয়টো ঢৌৰ সময়ছোৱাতো একেদৰে নিজৰ দায়িত্ব পালন কৰি গৈছে নাছিকুৰে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নাছিকুৰে এইবেলি কিছু টকা ধাৰলৈ লৈ এতিয়ালৈকে দুশৰো অধিক স্থান চেনিটাইজ কৰিছে ।
নলবাৰী জিলা কাৰাগাৰ, জিলা উপায়ুক্তৰ কাৰ্যালয়, ঘগ্ৰাপাৰ আৰক্ষী চকী, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, মন্দিৰ-মছজিদৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান যোৱাবেলিৰ দৰে এইবেলিও বিনামূলীয়াকৈ চেনিটাইজ কৰি আহিছে নাচিকুৰ ৰহমান নামৰ ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীয়ে। চাইকেল মেকানিকৰ কাম কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নাছিকুৰ ৰহমানে সমগ্ৰ নলবাৰীৰ জনসাধাৰনৰ বাবে সুৰক্ষা প্ৰদান কৰি অহা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।
জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান – প্ৰতিষ্ঠান লগতে আজি নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত চেনিটাইজ কৰি এক বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিকুৰক চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা বিশেষ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই । ভয়াবহ ক`ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন অথবা স্বাস্থ্য বিভাগে নলবাৰীৰ ৰাইজৰ মাজত যি ধৰণৰ সজাগতা অথবা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি নকৰাৰ বিপৰীতে নাছিকুৰ ৰহমান নামৰ সাধাৰণ যুৱক এজনে ক`ৰণা ভয়াবহতাৰ ক্ষেত্ৰ খনত অনন্য নিদৰ্শন দাঙি ধৰা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে।

Leave A Reply

Your email address will not be published.