নিৰাময়ৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত “৭৫ তম আজাদী কা অমৃত মহোৎসৱ “ৰ লগত সংগতি ৰাখি world Organ donation Day উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰেক্ষাগৃহত নেত্ৰ্দান আৰু Stem cell দানৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰাময়ৰ ট্ৰাষ্টি পল্লৱী নেওগ বৰাই।উক্ত সভাৰ আঁত ধৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অমিয় কুমাৰ দাসে। সভাখনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ ৰাজীৱ দাস, ডাঃ মেথিউ চেভিঅ সমল ব্যক্তি হিচাপে নেত্ৰ দানৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। নিৰাময়ৰ সভাপতি কুশল ডেকাই নেত্ৰ দানৰ সজাগতাৰ ওপৰত ব্যক্তব্য ৰাখে।বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰমুখ্যে প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহন কৰে। উক্ত সভাতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ ৰবীন দত্তকে আদি কৰি বহুসংখ্যক লোকে মৰণোত্তৰ ভাৱে নেত্ৰ্দানৰ বাবে সন্মতি পত্ৰত স্বাক্ষৰ কৰে। নেত্ৰ দানৰ সজাগতাৰ লগতে অনুষ্ঠানটোত ষ্টেমচেল দানৰ সজাগতাৰ ওপৰত আলোকপাত কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ কৰ্মচাৰী হিৰক শৰ্মাই। সভাখনত বিশেষ সহযোগিতা আগবঢ়াই নিৰাময়ৰ ফালৰ পৰা বিকাশ বৰুৱা আৰু বাসুদেৱ কলিতা আৰু বিশ্ববিদ্যালয়ৰ নেশ্যনেল চাৰ্ভিছ স্কিমৰ ছাত্ৰ ছাত্ৰীসকলে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা