ভাৰতবৰ্ষৰ সমাগত নিৰ্বাচনত সমগ্ৰ বিশ্ব দৃষ্টি নিবদ্ধ হৈ আছে।আৰু এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়া বা বাতৰিৰ পৰিবেশনৰ ক্ষেত্ৰত সাংবাদিকে সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচনত বিভিন্নপক্ষই নিৰ্বাচনৰ সপক্ষে বাতৰি প্ৰকাশৰ স্বাৰ্থত ভুল তথ্য যোগান ধৰে ।আৰু সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন ন’হলে তেনে তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত হ’ব পাৰে।তদুপৰি সাংবাদিক সকলে নিজৰ সুৰক্ষাৰ কাৰণে কিছু নিয়ম মানি চলা প্ৰয়োজন আছে।কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এই মন্তব্য প্ৰকাশ কৰে।তেওঁ লগতে কয় যে সমগ্ৰ সাংবাদিকৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ বৃদ্ধি পাইছে আৰু ভাৰতটোও এনে ঘটনাৰ বিৰল নহয়।এতিয়া এখন শান্তিপূৰ্ণ দেশতো সাংবাদিকক নিৰ্যাতনৰ ঘটনাৰ দেখা পোৱা যায়। চ’চিয়েল মেডিয়াই এই ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে।আনকি ৰাজনৈতিক শক্তিয়ে এই মাধ্যমক অপ-ব্যৱহাৰ কৰি জনসাধৰণক বিভ্ৰান্তি কৰি তুলিছে।সেয়েহে সাংবাদিক সকলৰ দায়িত্ব আজি তাৰিখত বৃদ্ধি পাইছে।বিশেষকৈ আঘোষিত সূত্ৰ পৰা অহা তথ্য ব্যৱহাৰত সাংবাদিক সকল সচেতন হ’ব লাগিব। মজুমদাৰে লগতে সাংবাদিক সকলে তথ্য প্ৰযুক্তি ব্যৱহাৰত বিচক্ষণতা প্ৰয়োজন আছে বুলি মন্তব্য কৰে। আনহাতে গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই অধিক সংখ্যক ভোটা ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু ৰাইজৰ ভোটৰ গ্ৰহণযোগ্য চৰকাৰ গঠনৰ পথত সাংবাদিক সকলে অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে।অনুষ্ঠানত পি টি আইৰ দুৰ্বা ঘোষ, জ্যেষ্ঠ সাংবাদিক বিমান চন্দ্ৰ হাজৰিকা,ৰামন বৰা,অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, জ্যেষ্ঠ সাংবাদিক দেৱজিত তালুকদাৰ উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন
সুন্দৰ কথা লিখা হৈছে, সময় উপযোগী বাতৰি দিয়া হৈছে।