অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ বাবে ৰাজহুৱা স্থান , মুকলি স্থান সমূহত পৰ্যাপ্ত সংখ্যক গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিগত দিনকেইটাত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে বিগত সময়চোৱাত খণ্ড বন বিষয়া কাৰ্যালয় সমূহৰ জৰিয়তে শিক্ষানুষ্ঠান চৌহদ আৰু ৰাজহুৱা স্থান সমূহত বনকর্মীৰ সহায়ত গছপুলি টোপনি কৰি আহিছে । তেনেদৰে ২৪ জুলাইত নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দলে নতুনকৈ নিৰ্মাণ কৰা নুনমাটি – খাৰঘুলি পথৰ মাজত থকা ডিভাইদাৰত ৮০ টা ওষধী গছৰ পুলি ৰোপণ কৰে । বিশেষকৈ পথছোৱাৰ নেপালী চকৰ পৰা গোপাল নগৰ সংযোগী প্ৰায় ডেৰ কিঃমিঃ দূৰত্বৰ অংশখিনীত গছপুলি সমুহ ৰোপণ কৰা হয় ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ