গুৱাহাটীৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰ গোষ্ঠী প্ৰডাকচন সৌজন্যত ৭ জুলাইৰ পৰা ১৭ জুলাই লৈ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ষষ্ঠ গ্ৰীষ্ম কালীন নাট ও নৃত্যৰ কৰ্মশালাখনি৭ জুলাইত দূর্গা সৰোবৰ বিদ্যাপীঠ হাইস্কুল (কামাখ্যা গেট)ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। বিশিষ্ট অভিনেতা সত্যেন শৰ্মা, বিশিষ্ট পৰিচালক মৃণাল হালৈ ,গোষ্ঠীৰ সভাপতি প্ৰকাশ মেধি আদিকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কবি সাহিত্যক ,তথা সমাজ কৰ্মী মনীষা শৰ্মাই। নিজৰ ভাষণ প্ৰসংগত জনপ্ৰিয় কবি সাহিত্যিক গৰাকীয়ে কয় যে নাট হৈছে। উৎকৃষ্টম কলা। যত দৃশ্য ,শ্ৰৱ্য মাধ্যমৰ সমাহাৰ আছে, তেওঁ লগতে কয় যে এই নাট কৰ্মশালাসমুহৰ দ্বাৰা আমাৰ শৰীৰ মন আৰু মগজুৰ বিকাশ লাভ হয়।উল্লেখযোগ্য যে ৪০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্ম শালা খনিত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস,মলয়া গোস্বামী, অভিনেতা অৰুণ হাজৰিকা, গুণাকৰ দেৱ গোস্বামী, হেৰম্ব শৰ্মা আদিক অনেক খ্যাতি জখা অভিনেতা ,অভিনেত্ৰী, পৰিচালক আদিয়ে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব বুলি জনাইছে ।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান