নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে মাদকদ্ৰব্য, বাল্যবিবাহ-পথ সুৰক্ষা সম্বন্ধে সজাগতা সভা

0 126

বাসুগাঁও আৰক্ষী থানা আৰু হেল্পিং হেণ্ডচ্ ওৱেলফেয়াৰ চছাইটি স্বেচ্ছাসেৱী সংগঠনৰ যৌথ উদ্যোগত বাসুগাঁও চহৰৰ ধানবজাৰ দূর্গা মন্দিৰ প্ৰাঙ্গনত দেশৰ বীৰ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । নেতাজীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডল, বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰনেন মুছাহাৰী আৰু বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি তালুকদাৰে ।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা সজাগতামূলক সভা অনুষ্ঠিত হয় । বাসুগাঁও নাগৰিক সমাজৰ সভাপতি বয়োজেষ্ঠ ব্যক্তি, সংগীত শিল্পী অজিত কুমাৰ নন্দীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰে ।

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাদকদ্ৰব্য সেৱন, বাল্যবিবাহ, পথসুৰক্ষাৰ দৰে বিষয়-বস্তুৰ সন্দৰ্ভত সাৱলীল আৰু মনোগ্ৰাহীকৈ তথ্যগধুৰ ভাৱে বক্তব্য দাঙি ধৰে বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰনেন চন্দ্ৰ মুছাহাৰী, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৱল চন্দ্ৰ ৰায়, শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভানু ৰায় । সভাত জ্যেষ্ঠ শিল্পী মৃদুল দাস গীত পৰিবেশন কৰাৰ উপৰি তাল ড্যান্স একাডেমী আৰু শাৰদা ড্যান্স একাডেমী ফালৰ পৰা দেশভক্তিমূলক গীতত নৃত্য পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

আজিৰ সভাত চেণ্ট ফ্ৰান্সিছ ইংলিছ স্কুলৰ অধ্যাক্ষা চি. নিৰ্মলা, সমাজকৰ্মী শম্ভু ৰাজবংশী, প্ৰদীপ দত্ত আদিৰ উপৰি হেল্পিং হেণ্ডচ্ ওৱেলফেয়াৰ চছাইটিৰ বিষয়-ববীয়া সকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.