দেশভক্তি আৰু পৰাক্ৰমৰ স্বর্ণিল গাথাৰে মহিমামণ্ডিত মহাবীৰ লাচিত বৰফুকনৰ যুগমীয়া কীৰ্তি প্ৰসাৰিত কৰাৰ লক্ষ্যৰে নৰ্থ ইষ্ট সংস্থাই দিল্লীত উদযাপন কৰিলে লাচিত দিৱস। আজি দিল্লীৰ হাৰিয়ানা ভৱনত আয়োজন কৰা লাচিত দিৱসত নৰ্থ ইষ্ট সংস্থাই মহাবীৰ লাচিতৰ জন্ম তিথিত তেওঁক স্মৰণ কৰাৰ লগতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ সকলোকে আহ্বান জনায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ বৌদ্ধিক প্রমুখ শঙ্কৰ দাস কলিতা, ভাটিন্দা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সম উপাচার্য কিৰণ হাজৰিকা, অসমৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তি, সংস্থাৰ অধ্যক্ষ ওম প্রকাশকে ধৰি দিল্লীত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। বন্তি প্রজ্বলন তথা লাচিতৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বক্তৃতা আগবঢ়াই শংকৰ দাস কলিতাই মহাবীৰ লাচিতৰ এই পৰাক্ৰম তথা বীৰত্ব সৰ্বত্ৰ জনাজাত হোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়,লাচিত অসমৰ বীৰ বুলি অসমতে সীমাৱদ্ধ কৰি ৰখাৰ চেষ্টা কৰাতো অনুচিত। আজি শিৱাজীৰ কথা সকলোৱে জানে কিন্তু লাচিতৰ কথা বহুতে নাজানে। ইয়াৰ প্ৰথম কাৰণ হৈছে একাংশ বুৰঞ্জীবিদৰ ইচ্ছাকৃত অৱজ্ঞা আৰু দ্বিতীয়তে বহু লোকে লাচিত বৰফুকনক অসমৰ ভিতৰতে ৰাখিব খোজাৰ এক মনোবৃত্তি। ইয়াক সলনি কৰাৰ সময় আহি পৰিছে আৰু এইক্ষেত্রত বহুখিনি সফলতা লাভ কৰা হৈছে। লাচিতৰ যি দক্ষতা সেয়া ভৱিষ্যত প্ৰজন্মই জনাতো খুবেই জৰুৰী।” বিগত বৰ্ষত অসম চৰকাৰে দিল্লীত লাচিত দিৱস উদযাপন কৰাতো এক সজ কাম আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰৰ এই প্ৰয়াসকো একাংশ লোকে ব্যাপক সমালোচনা কৰিছিল। ইয়াৰ পিচত পাঠ্যক্ৰমৰ পৰা মোগলৰ কিছু পাঠ কৰ্তন কৰা বিষয়তো লৈ একাংশই লাচিত বৰফুকনৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। সেই শ্ৰেণীৰ লোকে মোগল নাথাকিলে লাচিতো নাথাকে বুলি কৈছিল। তেওঁ কয় যে এনেধৰণৰ বক্তব্য তথা চিন্তাধাৰাৰ বাবেহে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাপৰাক্ৰমী যোদ্ধাৰ স্বর্ণিল গাথা আজিও সীমাৰ বেষ্টনীত আৱদ্ধ হৈ আছে। এই সীমাৱদ্ধতা অতিক্ৰম কৰিবলৈ সঠিক তথ্যৰ প্ৰসাৰতাৰ লগতে চিন্তাধাৰাৰ পৰিসৰ বহলোৱা প্ৰয়োজন। লাচিত বৰফুকন এদিনতে মহান যোদ্ধা বা পৰাক্ৰমী হোৱা নাই বুলি উল্লেখ কৰি তেওঁ মহাবীৰ লাচিতৰ যি প্রচেষ্টা তথা অধ্যাৱসায় সেয়া নতুন প্রজন্মই অধ্যয়ন তথা অনুকৰণ কৰা প্ৰযোজন বুলি কয়। তেওঁ কয় যে- লাচিত বৰফুকনে কেনেদৰে হাচতি ধৰা বৰুৱাৰ পৰা বৰফুকন পদলৈ পদোন্নতি লাভ কৰিছিল আৰু তাৰকাৰণে তেওঁ যিবোৰ পৰীক্ষাত উত্তীর্ণ হ’ব লগা হৈছিল সেই সকলোতে অনুশাসনৰ পৰা শ্রেষ্ঠতালৈকে সকলোৰে ৰহস্য লুকাই আছে। এইগৰাকী লাচিত বৰফুকনৰ অদম্য সাহস আৰু অদ্ভূত ৰণকৌশলৰ বাবে মোগল পৰাভূত হোৱাই নহয় বৰং সমগ্র দক্ষিণ পূব এছিয়াও ৰক্ষা পৰিছিল।
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY