কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে পল্লব গোপাল ঝাই গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আনকি নৱনিযুক্ত উপায়ুক্ত পল্লব গোপাল ঝাই নিজে আগভাগ লৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শকসহ দায়িত্ববাহী সকলৰ সৈতে বৰ্দ্ধিত ভাড়া আদায় কৰা বাহনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ লগতে প্ৰৱৰ্তক পৰিদৰ্শক সকলক তেনে বাহনৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে ছয়মাইল আৰু চানমাৰীত এক আকস্মিক অভিযান চলায় । অভিযান কালত যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া আদায় লোৱা ২৪ খন চিটিবাছ , মেজিক আৰু ই – ৰিক্সা জব্দ কৰা হয় । তেনেদৰে এই সন্দৰ্ভত ৩৫ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবৰ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে এই অভিযান চলি থাকিব।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ