নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসীম ৰঞ্জনৰ গীতৰ তালে তালে নাচিলে দক্ষিণ আফ্ৰিকাৰ দুই যুৱকে

0 237

সমগ্ৰ ৰাজ্য মহামাৰী ক’ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ ভাষাত এগৰাকী যুৱতীৰ বৰ্ণনাৰে কবি বিৰিঞ্চি ৰাভাই ৰচনা কৰা গীতটি কণ্ঠদান কৰিছিল উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে। যোৱা জানুৱাৰী মাহত অসম মেঘালয় সীমান্তবৰ্তী চানডুবিৰ বাকৰিত ৰাইজৰ বাবে মুকলি কৰি দিয়া গীতটিয়ে সূদুৰ দক্ষিণ আফ্ৰিকাৰ দৰে দেশ এখনত চৰ্চিত হৈছে। আফ্ৰিকান লোকে উক্ত গীতৰ তালে তালে নৃত্যত মতলীয়া হৈ পৰাৰ দৃশ্য কেমেৰাত বন্দি কৰি এৰি দিছিল সামাজিক মাধ্যম CLIN CLASSIC নামৰ পেজ এটিত। ইয়াৰ পিছতেই চাৰিওফালে গীতৰ তালে তালে নৃত্য কৰা আফ্ৰিকান দুই যুৱকৰ ভিডিঅ’ ৰাজ্যত প্ৰচাৰ হোৱাত উৎফুল্লিত হৈ পৰিছে কণ্ঠশিল্পী অসীম ৰঞ্জনে। এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে যে, যিকোনো শিল্পীয়ে কণ্ঠদান কৰা গীতত বৰ্হি: ৰাজ্যত এনেদৰে সমাদৰ লাভ কৰা বিষয়টো সচাকৈয়ে আনন্দৰ বিষয়। দেশ তথা ৰাজ্যত এনে দুৰ্যোগৰ সময়তো এনে ধৰণৰ খৱৰে বৰুকৈয়ে উৎসাহিত কৰা বুলি মন্তব্য কৰে কণ্ঠশিল্পী অসীম ৰঞ্জনে। লগতে কণ্ঠদান কৰা পাতি ৰাভাৰ “জেৱা এগো দেখা পালো চুলি জেল জেল” গীতটিৰ দুফাকি পৰিবেশন কৰি ‘জেৱা’ এগৰাকী ছোৱালী আৰু এই ছোৱালী গৰাকীকলৈয়ে ৰোমান্তিক গীতটিত পৰিস্ফূত হৈছে বুলি প্ৰকাশ কৰে কণ্ঠশিল্পী অসীমে। উল্লেখ্য যে, দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে বৰ্তমানলৈ প্ৰায় ২০০ টি গীত নিজশ্ব কণ্ঠত পৰিবেশন কৰি ৰাইজৰ মাজত মুকলি কৰিছে। ছয়গাঁও নিবাসী যদিও বহুদিন ধৰি পলাশবাৰী সমষ্টিৰ মিৰ্জাত ভাড়াঘৰত সংগীতৰ চৰ্চা কৰি থকাৰ লগতে নিজা প্ৰচেষ্টাত ‘মা’ নামৰ ষ্টুডিঅ’ এটি খুলি সংগীত চৰ্চা কৰি আছে। আনহাতে অহা ২০ জুনত ‘ৰাভা দিৱস’ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত নিজেই ৰচনা কৰা গীত এটিত কণ্ঠ নিগৰাই ৰাইজৰ মাজত মুক্তি দিয়াৰ চিন্তা চৰ্চা কৰাৰ লগতে গীতটিৰ যাৱতীয় কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পী অসীম ৰঞ্জনে।
বাতৰি যুগুতালে জিতুমনি দাসে

Leave A Reply

Your email address will not be published.