পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে সংবাদ মেলত কি ক`লে

0 217

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰথমখন সংবাদমেল।গ্ৰামাঞ্চলত ক’ভিড নিয়ন্ত্ৰণৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী গৰাকীয়ে সংবাদমেলযোগে কিছু তথ্য অৱগত কৰিছে।সংবাদমেলত মন্ত্ৰী ৰঞ্জিত দাসে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
১)গ্ৰামাঞ্চলত ক’ভিড নিয়ন্ত্ৰণৰ বাবে আমাৰ গাঁও, আমি ক’ভিড জিনিম শীৰ্ষক আঁচনি গ্ৰহণ।
২)৩০৪খন পঞ্চায়ত ক’ভিডমুক্ত হৈ আছে।
৩)গণ আন্দোলনৰ মাধ্যমেৰে গ্ৰামাঞ্চলত ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ গ্ৰামোন্নয়ন বিভাগে বিভিন্ন ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে।
৪)প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডিচিতে একোটাকৈ যুদ্ধ কক্ষ স্থাপন কৰা হৈছে।
৫)প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডিচিতে চেনিটাইজ্যেচনৰ কাম হাতত লোৱা হৈছে।
৬)পিছপৰা লোকৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হৈছে।
৭)গাঁৱত থকা ক’ভিড পজিটিভ পৰিয়ালক সাহায্য বিতৰণ কৰা হৈছে।
৮)কম দিনৰ ভিতৰতে আমি সম্পূৰ্ণ গ্ৰামাঞ্চল ক’ভিড মুক্ত বুলি গৌৰৱেৰে ক’ব পাৰিম।
৯)ক’ভিড প্ৰতিৰোধৰ লগতে আৰ্থিক সকাহ প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে।
১০)গ্ৰামাঞ্চলত মহামাৰীৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি উঠিছে।

Leave A Reply

Your email address will not be published.