অসমৰ অন্যতম সমাজসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত ‘বৰবৰুৱা ক্লিনিক’ আৰু ‘চেন্টাৰ ফ’ৰ চাইট’ৰ সহযোগত আজি দিনজোৰাকৈ জালুকবাৰীৰ সমীপৰ পদুমবড়ী সামূহিক ভৱনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় ৷ শিৱিৰত উচ্চ প্ৰযুক্তিযুক্ত কেইবাটাও ভিন্ন শৰীৰ পৰীক্ষণ মেচিন ব্যৱহাৰ কৰি ৰোগী সকলৰ শাৰীৰিক অৱস্থাৰ মাত্ৰা নিৰ্ধাৰণ কৰি শিশু – মহিলাকে ধৰি উপস্থিত শতাধিক লোকক নিৰাময়ৰ পৰামৰ্শৰ লগতে ঔষধ বিতৰণ কৰা হয়৷ স্থানীয় ৰাইজে এই সুবিধাৰ বাবে অঞ্চলটোৰ বহুতো লোক বিশেষকৈ অধিকাংশ জেষ্ঠ নাগৰিকে হাস্পতালত নোযোৱাকৈ নিজৰ ঘৰৰ ওচৰতে স্বাস্থ্য সেৱা পাবলৈ সক্ষম হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰি ইয়াৰ বাবে পথিকৰ শলাগ লয় ৷ শিৱিৰত জ্যেষ্ঠ চিকিৎসক ডাঃ পৰশজ্যোতি বৰাৰ নেতৃত্বত ৰিদিপ ডেকা, মিতালী হাজৰিকা, ইফটিকাৰ হুচেইন, প্ৰকাশ বৰুৱা, মনালিছা মহন্ত, ৰাজলক্ষ্মী ৰাজশ্ৰী, নন্দনধৰ বৰুৱাৰ তত্ত্বাবধানত যোৱা ১২ জন চিকিৎসক – চিকিৎসাকৰ্মী আৰু কাৰিকৰী সহযোগীৰ দলে ৰোগীৰ স্বাস্থ্য পৰীক্ষা – চিকিৎসা প্ৰদান কৰা কাৰ্যত সহযোগিতা আগবঢ়ায়। আনহাতে পথিক সঞ্চালক ভিক্টৰ ৰাজকুমাৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা শিবিৰ মুকলি অনুষ্ঠানটোত আঁত ধৰে পদুমবড়ী গাওঁ উন্নয়ন সমিতিৰ সভাপতি অৱনী কুমাৰ দাসে । অনুষ্ঠানটোত সম্পাদক গিৰীশ চন্দ্ৰ দাস, শ্ৰীমন্ত কুমাৰ দাসকে ধৰি অঞ্চলটোৰ বহু গণ্য মান্য লোক আৰু সমাজ সচেতন লোক উপস্থিত থাকে।
Trending
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে