পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন

0 316

ভাৰতীয় হকীৰ সম্ৰাট, বিশ্বক বাসীক হকী খেলৰ সোৱাদ দিয়া কিংবদন্তি খেলুৱৈ মেজৰ ধ্যান চান্দ দেৱৰ জন্ম দিনৰ উদযাপন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ২৯ আগষ্টত পালন কৰা হয়।
সেই উপলক্ষে আজি আজি যোৰহাট ষ্টেডিয়ামৰ প্ৰাংগনৰ পৰা আয়োজন কৰা হৈছিল চাইক্লাথন । পথিকৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া কাৰ্য্যালয় আৰু ভাৰতীয় ষ্টেট বেংকৰ সহযোগত আৰু যোৰহাট চাইকেল কমিউনিটিৰ সহযোগিতাৰে আয়োজন কৰা এই চাইক্লাথনৰ ফ্লেগ অফ কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে । ৰাষ্ট্ৰীয় খেল দিৱস এইবাৰ এক সংকল্পৰে ২৯ আগষ্টৰ পৰা সমগ্ৰ ভাৰতত চলি আহিছে যাৰ লক্ষ্য এক ঘণ্টা খেল পথাৰত অৰ্থাৎ এক ঘণ্টা মেইদান মে। উদ্দেশ্য খেলৰ যোগেদি সুস্বাস্থ্য আৰু একতা ।
প্ৰথম বাৰলৈ যোৰহাটত পথিকে আয়োজন কৰা এই চাইক্লাথন অভূতপূৰ্ব সহাঁৰি পৰিলক্ষিত হয়, যত ১৫০ উৰ্দ্ধত চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.