পথ সুৰক্ষা সহযোগী এলইডি বাহন মুকলি পৰিবহণ বিভাগৰ-দুৰ্গাপূজাৰ মণ্ডপে মণ্ডপে চলিব সজাগতা অভিযান

0 159


মহাসপ্তমীৰ দিনটোত মহানগৰবাসীলৈ পৰিবহণ বিভাগৰ বিশেষ উপহাৰ তিনিখনকৈ পথ-সুৰক্ষা সহযোগী এলইডি বাহন। বছৰটোৰ আটাইতকৈ ডাঙৰ উৎসৱ দুৰ্গাপূজাৰ সময়চোৱাত আনন্দ উপভোগৰ নামত মতলীয়া হৈ কোনোৱে যাতে দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে তাৰবাবে যানবাহন ব্যৱহাৰকাৰীকে ধৰি সকলো শ্ৰেণীৰ লোকক সজাগ-সচেতন কৰি ৰখাৰ উদেশ্যে মহানগৰীত ব্যাপক সজাগতা অভিযান চলাব এই এলইডি বাহনসমূহে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ গৌৰৱ উপাধ্যায়ৰ তত্ত্বাৱধানত অবিভক্ত কামৰূপ জিলালৈ পৰিবহণ বিভাগে আগবঢ়োৱা এই এলইডি বাহন কেইখন আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু পৰিবহণ আয়ুক্ত ৰবীন কুমাৰে পতাকা জোকাৰি মুকলি। এই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত আজি দুপৰীয়া অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পথ সুৰক্ষা সজাগতাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াত এনফৰ্চমেন্ট আৰু সজাগতা অনুষ্ঠানসমূহৰ ভূমিকা উল্লেখযোগ্য বুলি উল্লেখ কৰে। দুৰ্গোৎসৱৰ সময়ত পথ সুৰক্ষা সহযোগী এলইডি বাহনে আৰম্ভ কৰা সজাগতা অভিযানলৈ তেওঁ সকলোৰে স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে বক্তব্য আগবঢ়াই ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ গৌতম দাসে কয় যে পথ সুৰক্ষা সজাগতাক খুউব কম সময়তে অধিক ঠাই আৰু মানুহৰ মাজলৈ আগবঢ়াই নিয়াত এলইডি বাহনসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। কিয়নো এই বাহনসমূহে
পূজা মণ্ডপসমূহৰ উপৰি জনসমাগম থকা গুৰুত্বপূৰ্ণ স্থানসমূহত পথ সুৰক্ষাৰ বিভিন্ন বাণীসমূহ প্ৰচাৰ কৰিব। যেনে কেতিয়াও নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী নচলাব,তীব্ৰবেগ পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাওক, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট ব্যৱহাৰ কৰক আৰু গাড়ী চলাওঁতে ম’বাইলত কথা নাপাতিব আদি উল্লেখযোগ্য।
উল্লেখযোগ্য যে পথসুৰক্ষা সহযোগী এলইডি বাহনসমূহে জনপ্ৰিয় অভিনেতা ৰবী শৰ্মাই প্ৰদৰ্শন কৰা পথ সুৰক্ষাৰ এক বিশেষ অনুষ্ঠান সকলোৰে মন চুই যোৱাকৈ প্ৰচাৰ চলোৱাৰ লগতে অডিঅ আৰু ভিডিঅযোগে যাতায়াতত মানি চলিবলগীয়া নীতি নিৰ্দেশনাৰ প্ৰচাৰ চলাব ৷ তদুপৰি এই বাহনসমূহে সুশৃংখলিত আৰু ন্যায়সঙ্গতভাবে যানবাহন চলাই নিজকে এগৰাকী মৰ্যাদাসম্পন্ন “হিৰো” হিচাপে গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি জনোৱা আহ্বান পথ সুৰক্ষা সজাগতা অভিযানৰ অন্যতম উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হ’ব ৷ উল্লেখ্য যে কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাৰ লগতে পৰিবহণ বিভাগে আজি কাছাৰ, শোণিতপুৰ,তিনিচুকীয়া, ডিব্ৰুগড়, গোৱালপাৰা, নগাঁও লখিমপুৰ আৰু ধুবুৰী জিলালৈয়ো পথ সুৰক্ষা সহযোগী এলইডি বাহন প্ৰেৰণ কৰি দুৰ্গাপূজাৰ সময়ত সৰ্বত্ৰে পথ সুৰক্ষা সজাগতা অভিযান জোৰদাৰ কৰি তোলে।

Leave A Reply

Your email address will not be published.