পদপথত বহিয়েই লক্ষীৰামে কিতাপ লিখিলে

0 230

নিজৰ অঞ্চলটোক স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হাফলংৰ জাইয়ন গাঁওবাসীয়ে। স্মৰ্তব্য যে জাইয়ন গাঁওখনে ২০১৭ বৰ্ষত স্বচ্ছগাঁও হিচাপে স্বীকৃতি পাইছিল। শেহতীয়াকৈ জাইয়ন গাঁওবাসীয়ে নিজৰ প্ৰচেষ্টাত চাৰিটাকৈ পকা ডাচবিন বনাই জাৱৰ নিস্কাষণৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত গাঁৱৰ মহিলাসকলে আগভাগ লৈছে বুলি জানিব পৰা গৈছে।

আনহাতে পদপথত শাক পাচলিৰ ব্যৱসায় কৰা এজন ব্যক্তিয়ে বহুকেইখন আধ্যাত্মিক কিতাপ লিখি উলিয়াইছে। মাজুলীৰ দক্ষিণপাটৰ লক্ষীৰাম দুৱৰা দাস নামৰ ব্যক্তিজনে চৈধ্যখন আধ্যাত্মিক কিতাপ লিখি উলিয়াইছে। অলপতে তেখেতৰ এখন কিতাপ দক্ষিণপাটৰ কৈৱৰ্ত গাঁও নামঘৰত উন্মোচন কৰিছে। স্মৰ্তব্য যে লক্ষীৰামে দিনৰ ভাগত যোৰহাটৰ জে বি ৰোডৰ পদপথত বহি শাক পাচলি বিক্ৰী কৰে আৰু নৈশভাগত আধ্যাত্মিক গ্ৰন্থ অধ্যয়ন কৰি কিতাপ লিখাত ব্যস্ত হৈ পৰে। এই সম্পৰ্কে লক্ষীৰামে কয় যে ভগৱানৰ বাণী সমূহ যাতে সকলোৰে বোধগম্য হয় তাৰ বাবে এই কিতাপ সমূহ লিখি উলিয়ালো। সমাজৰ বাবে অমূল্য গ্ৰন্থ উপহাৰ দিয়া লক্ষীৰামৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

সহযোগ কৰিলে হাফলঙৰ পৰা পংকজ তিমুঙে আৰু মাজুলীৰ পৰা জ্যোতিষ তামুলীয়ে।


[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]

Leave A Reply

Your email address will not be published.