ভগৱানেই এতিয়া শেষ ভৰসা

0 263

মূল্য বৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে।পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনসাধাৰণক মাধমাৰ দিয়াৰ সময়তে তামিলনাডুৰ এখন বিয়াত উপহাৰ হিচাপে পেট্ৰ’ল আগবঢ়োৱা এখন ফটোৱে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে। ইয়াৰ ব্যতিক্ৰম নহয় শুৱালকুছিৰ ভগৱান মহন্ত নামৰ ব্যক্তিজন। কাৰণ ভগৱান মহন্তই সাজি উলিয়াইছে পেট্ৰ’ল ডিজেলৰ অবিহনে চলিব পৰা এখন বিশেষ বাইক। বেটাৰী চালিত বাইকখনক মাত্ৰ কেইঘণ্টামান চাৰ্জ দিলেই প্ৰায় ৫০-৭০ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰিব পাৰে। ইতিপূৰ্বেও ভগৱান মহন্তই বেটাৰী চালিত চাইকেল সাজি উলিয়াইছিল। পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ পাছত গাড়ী ভাড়া বৃদ্ধিয়ে জনসাধাৰণক যি সমস্যাত পেলাইছে একাংশইটো কৈয়ে পেলাইছে এতিয়া ভগৱানেই শেষ ভৰসা।

Leave A Reply

Your email address will not be published.