পলাশবাৰীত অধ্যাপিকা যমুনা মালীৰ চাৰিখন গ্ৰন্থ উন্মোচন

0 271

পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা যমুনা মালীৰ চাৰিখন গ্ৰন্থ ‘সাত ভাই কুঁজ দিষ্টান কওঁ বুজ’, ‘আইনাম’, ‘প্ৰবন্ধ পাপৰি’ আৰু ‘জয়ো ৰাম্বা বুলা জয়ে হৰি বুলা’ নামৰ গ্ৰন্থকেইখন উন্মোচন কৰা হয়। এই উপলক্ষে পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ সভাপতি অনিল কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আ‍ঁতধৰে সংস্কৃতি বিকাশ ভৱনৰ সম্পাদক যতীন্দ্ৰ নাথে কলিতাই। সভাত গ্ৰন্থ উন্মোচক হিচাবে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সদ্য অৱসৰী অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰী, পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কৈলাশ নাথ শৰ্মা আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীনমণি কলিতাই। গ্ৰন্থ উন্মোচক ড০ অধিকাৰীয়ে “সাত ভাই কুজ দিষ্টান কওঁ বুজ” গ্ৰন্থখনে আখৰৰ আন এটা নাম যে অক্ষৰ, যাৰ ক্ষয় নাই; সেই কথা সোঁৱৰাই দিছে। শব্দ হ’ল ভাষা এটাৰ চকু। যমুনা মালীয়ে এই গ্ৰন্থ কেইখনৰ জৰিয়তে চিন্তা আৰু কৰ্মক অক্ষয় প্ৰদান কৰিবলৈ চেষ্টা কৰিছে বুলি কয়। ভৱিষ্যতে অসমীয়া ভাষাৰ সংকট, সাহিত্য, সংস্কৃতি আদিৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে বিশদ ভাৱে আলোকপাত কৰে অৱসৰী অধ্যক্ষ ড০ অধিকাৰীয়ে। অনুষ্ঠানত পলাশবাৰী আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কৈলাশ নাথ শৰ্মাই দ্বিতীয়খন গ্ৰন্থ “আইনাম” উন্মোচন কৰি থলুৱা ভাষা সাহিত্যৰ সংৰক্ষকৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে। সভাত তৃতীয়খন গ্ৰন্থ “প্ৰৱন্ধ পাপৰি”ৰ উন্মোচক ড০ দিনমণি কলিতাই উন্মোচন কৰি আন্তৰ্জাতিক সাহিত্যৰ উপমা দি কেবাটাও মূল্যৱান দিশৰ ওপৰত আলোকপাত কৰে। পলশবাৰী সংস্কৃতি বিকাশ ভৱনৰ সভাপতি অনিল কলিতাই চতুৰ্থখন গ্ৰন্থ ‘জয়ে ৰাম্বা বুলা জয়ে হৰি বুলা” উন্মোচন কৰাৰ লগতে সভাখন সঞ্চালনা কৰে। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা তথা লেখিকা যমুনা মালীয়ে আজি পবিত্ৰ বৰদিনত চাৰিখনকৈ গ্ৰন্থ উন্মোচন হোৱাত সুখী অনুভৱ কৰি গ্ৰন্থকেইখন ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে। দুই কন্যা, স্বামী তথা বামুন্দী (কণিষ্ঠ) মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৰেশ্বৰ কলিতাই গ্ৰন্থকেইখন প্ৰকাশৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে বিভিন্ন দিশত সহয়-সহযোগিতা কৰা বুলিও মন্তব্য কৰে লেখিকা মালীয়ে। শেষত শলাগৰ শৰাই আগবঢ়াই সংস্কৃতি বিকাশ ভৱনৰ সাধাৰণ সম্পপাদক যতীন্দ্ৰ নাথ কলিতাই।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.