ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭ তম্ জন্মদিনটো ‘সুশাসন দিৱস’ হিচাপে সমগ্ৰ দেশৰ লগতে দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ উদ্যোগত আৰু ৭ টা মৰ্চাৰ সহযোগত আজি পলাশবাৰীৰ বাটৰহাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি পুৱা ১১ বজাত পলাশবাৰীত দক্ষিণ কামৰূপ জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বাজপেয়ীৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই ৯৭ খন মটৰ চাইকেলেৰে এক বৃহৎ ৰেলী উলিওৱা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই উক্ত বাইক ৰেলি উদ্বোধন কৰি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অটল বিহাৰী বাজপেয়ীৰ কৰ্মজীৱনৰ ওপৰত মন্তব্য কৰে। স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থকা বাইক ৰেলিত পলাশবাৰী নগৰ অঞ্চল পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতে বাটৰহাস্থিত জিলা কাৰ্যালয়ত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত ‘সুশাসন দিৱস’ উপলক্ষে বাজপেয়ীৰ “ৰাজনৈতিক প্ৰমূল্যবোধ, প্ৰশাসনিক সংস্কাৰ আৰু জীৱন পৰিক্ৰমা’ বিষয় বস্তুৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত সাংসদ কুইন ওজা, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি বিষয় বস্তুৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত ৰাজ্যিক বিষয়ববীয়াসকলৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ এচ.টি, এচ.চি, মহিলা, যুৱ, কিষাণ আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি, সম্পাদকসহ সদস্য/সদস্যাসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে বিশিষ্ট ব্যক্তি আৰু দলৰ পুৰণি নিষ্ঠাবান কাৰ্যকৰ্তাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা