ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭ তম্ জন্মদিনটো ‘সুশাসন দিৱস’ হিচাপে সমগ্ৰ দেশৰ লগতে দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ উদ্যোগত আৰু ৭ টা মৰ্চাৰ সহযোগত আজি পলাশবাৰীৰ বাটৰহাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি পুৱা ১১ বজাত পলাশবাৰীত দক্ষিণ কামৰূপ জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বাজপেয়ীৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই ৯৭ খন মটৰ চাইকেলেৰে এক বৃহৎ ৰেলী উলিওৱা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই উক্ত বাইক ৰেলি উদ্বোধন কৰি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অটল বিহাৰী বাজপেয়ীৰ কৰ্মজীৱনৰ ওপৰত মন্তব্য কৰে। স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থকা বাইক ৰেলিত পলাশবাৰী নগৰ অঞ্চল পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতে বাটৰহাস্থিত জিলা কাৰ্যালয়ত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত ‘সুশাসন দিৱস’ উপলক্ষে বাজপেয়ীৰ “ৰাজনৈতিক প্ৰমূল্যবোধ, প্ৰশাসনিক সংস্কাৰ আৰু জীৱন পৰিক্ৰমা’ বিষয় বস্তুৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত সাংসদ কুইন ওজা, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি বিষয় বস্তুৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত ৰাজ্যিক বিষয়ববীয়াসকলৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ এচ.টি, এচ.চি, মহিলা, যুৱ, কিষাণ আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি, সম্পাদকসহ সদস্য/সদস্যাসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে বিশিষ্ট ব্যক্তি আৰু দলৰ পুৰণি নিষ্ঠাবান কাৰ্যকৰ্তাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন