পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সোণতলা-বৰকুছিস্থিত চিনাকী ভৱনত আজি সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীৰ কামৰূপৰ সাধাৰণ সভা আৰু তৃতীয় বৈঠকখনি অনুষ্ঠিত কৰা হয়। এই গোষ্ঠীৰ সম্পাদক প্রফুল্ল চৌধুৰীয়ে আঁত ধৰা এই সভাত পুৱা পতাকা উত্তোলন কৰে এই গোষ্ঠীৰ সভাপতি ডা: শৰৎ চন্দ্র ৰাভাই। দুপৰীয়া ডাঃ শৰৎ চন্দ্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আৰম্ভণিতে কবি,নাট্যকাৰ ৰঞ্জিত চৌধুৰীৰ ৰচনাৰে আৰম্ভণি গীত পৰিৱেশন কৰে কবি,সংগীত শিল্পী দ্বিজেন দাসে। এই সাধাৰণ সভা তথা তৃতীয় সাহিত্য বৈঠকত কবি পবিত্র কুমাৰ দাসৰ “অনুভৱৰ তৰাফুল” নামৰ কাব্য গ্ৰন্থখনি উন্মোচন কৰে দক্ষিণ কামৰূপৰ বিশিষ্ট সাহিত্যিক,প্রাক্তন অধ্যক্ষ কৈলাশ নাথ শৰ্মাই। পবিত্ৰ কুমাৰ দাসৰ প্রথম পদক্ষেপ হিচাপে এই কাব্যগ্ৰন্থখনিয়ে সাহিত্যৰ ক্ষেত্রখন উজ্বলাবলৈ প্ৰয়াস কৰা কাৰ্য প্রশংসনীয় বুলি মন্তব্য কৰে উন্মোচক শৰ্মাই। লগতে গোষ্ঠীৰ এনেধৰণৰ সৃষ্টিশীল পদক্ষেপে অসমৰ ভাষা সাহিত্যৰ উত্তৰণত বিশেষ বাৰ্তা বহন কৰিব বুলি উল্লেখ কৰে। গোষ্ঠীৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত চৌধুৰীয়ে পাতনিত কাব্য গ্ৰন্থখনিৰ সমালোচনাত কবি আৰু কবিতাৰ নান্দনিক দিশৰ ওপৰত বহলাই বাখ্যা কৰে। অনুভৱৰ তৰাফুল”ৰ কবি পবিত্র কুমাৰ দাসক কেইবাগৰাকী ব্যক্তিয়ে বিশেষভাৱে সম্বৰ্ধনা জনায়। কবি পবিত্ৰ কুমাৰ দাসে এই কাব্যগ্ৰন্থখনৰ জড়িয়তেই তেওঁৰ প্ৰতিভাক দাঙি ধৰিবলৈ পাই সুখী অনুভৱেই নহয় আৱেগিক হৈ পৰে। ৰাইজে তেওঁৰ কাব্যগ্ৰন্থখন আকোৱালি লব বুলি আশা প্ৰকাশ কৰে। এই সভাতে কবি গজেন চন্দ্ৰ দাস, ৰঞ্জিত চৌধুৰী, বন্তি কুমাৰ তালুকদাৰ, ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, অশ্বিনী তালুকদাৰ,হৰেন কলিতা, জীৱন ভূঞা,তৰালী নাথ, মমত কুমাৰ মজুমদাৰ, ফুলমণি দাস,মিলন মহন্ত, শীৰষ দাস,কুতুবুদ্দিন আহমেদ,দিগন্ত শৰ্মা, ইৰাৱতী দাস,উদ্ভৱ মালী,দ্বীজেন তালুকদাৰ, কৃষ্ণকান্ত দাস,ভদ্ৰ বৰা,প্ৰফুল্ল চৌধুৰী, মেহবুব আলী আদি দুকুৰিৰো অধিক প্রথিতযশা কবি-সাহিত্যিকৰ লেখনি পাঠৰ উপৰি গীত-মাত পৰিৱেশনেৰে এই সভাখনি অলংকৃত কৰা হয়। এই লেখনি সমূহৰ পৰ্যালোচনা আগবঢ়াই গজেন চন্দ্ৰ দাসে।পৰৱৰ্তীকালত এই লেখনি সমূহ বাচনি কৰি সভাই এখন আলোচনী প্ৰকাশৰ দিহা কৰে। শেষত এই গোষ্ঠীৰ এখন পূৰ্ণাংগ সংবিধান প্রস্তুত কৰাৰ বাবে তিনিজনীয়া সমিতি গঠন কৰি কৈলাশ নাথ শৰ্মা, বিপিন কলিতা আৰু দিগন্ত শৰ্মাক দায়িত্ব অৰ্পণ কৰা হয়। সাংগঠনিক দিশ সম্পৰ্কে বিষদ আলোচনা কৰি সৰ্বশেষত সভাপতিৰ আসনৰপৰ ডাঃ শৰৎ চন্দ্ৰ ৰাভাই শ্ৰুতিমধুৰ ভাষণ আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়াই ৰঞ্জিত চৌধুৰীয়ে।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures