পলাশবাৰীৰ নৈপৰীয়া একাংশ লোকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হৰ পৰা ষ্টবেৰিলৈকে খেতি কৰা হৈছে। বালি চাপৰিত এতিয়া পলাশবাৰীৰ দখলা বণিয়াপাৰাৰ নৈপৰীয়া একাংশ লোকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ। দখলা বণিয়াপাৰা গৰাখহনীয়া সমবায় সমিতিৰ সদস্যসকল এতিয়া কৃষি কৰ্মত ব্যস্ত হৈ পৰিছে। সেউজীয়াৰ মাজত সপোন দেখিবলৈ আৰম্ভ কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এতিয়া সপোনে পোখা মেলিছে,কৰিছে আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হৰ পৰা ষ্টবেৰিলৈকে বিঘাই বিঘাই খেতি। কৃষি বিভাগৰ পৰা সামান্য সহায় লাভ কৰিছে যদিও নিজববীয়াকৈয়ে এতিয়া সকলো কৰি গৈছে। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এতিয়া কৃষিজীৱি ৰাইজ। আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হ, ষ্টবেৰি খেতিৰ মাজত সোমাই থাকে ওৰেটো দিন। সভাপতি পৰেশ শৰ্মা আৰু সম্পাদক ৰাতুল দাসৰ নেতৃত্বত আশা সুধীয়া প্ৰচেষ্টাক সাকাৰ ৰূপ দিবলৈ অহৰহ চেষ্ঠা অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ হাত আগবঢ়ালে সুখী হব, সেউজীয়া সপোনবোৰ সাকাৰ হ’ব। শ শ বিঘা পৰি থকা ভূমিত তেওঁলোকে সপোন দেখিছে সেউজীয়া হোৱাৰ। শ্ৰম কৰি গৈছে, কেৱল শ্ৰম কৰি আহিছে। চৰকাৰী চাকৰিমুখী নহৈ সকলোৱে খেতিৰ জৰিয়তে কিবা এটা কৰাৰ দুৰ্বাৰ হেপাঁহ পুহি ৰাখিছে। প্ৰথম বাৰৰ বাবে নৈপৰীয়া যুৱকসকলে এনেদৰে কৃষি কৰ্মত নিয়োজিত হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা