পলাশবাৰীৰ নৈপৰীয়া একাংশ লোকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হৰ পৰা ষ্টবেৰিলৈকে খেতি কৰা হৈছে। বালি চাপৰিত এতিয়া পলাশবাৰীৰ দখলা বণিয়াপাৰাৰ নৈপৰীয়া একাংশ লোকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ। দখলা বণিয়াপাৰা গৰাখহনীয়া সমবায় সমিতিৰ সদস্যসকল এতিয়া কৃষি কৰ্মত ব্যস্ত হৈ পৰিছে। সেউজীয়াৰ মাজত সপোন দেখিবলৈ আৰম্ভ কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এতিয়া সপোনে পোখা মেলিছে,কৰিছে আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হৰ পৰা ষ্টবেৰিলৈকে বিঘাই বিঘাই খেতি। কৃষি বিভাগৰ পৰা সামান্য সহায় লাভ কৰিছে যদিও নিজববীয়াকৈয়ে এতিয়া সকলো কৰি গৈছে। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এতিয়া কৃষিজীৱি ৰাইজ। আলু, নহৰু, মচুৰ মটৰ, মাহ, সৰিয়হ, ষ্টবেৰি খেতিৰ মাজত সোমাই থাকে ওৰেটো দিন। সভাপতি পৰেশ শৰ্মা আৰু সম্পাদক ৰাতুল দাসৰ নেতৃত্বত আশা সুধীয়া প্ৰচেষ্টাক সাকাৰ ৰূপ দিবলৈ অহৰহ চেষ্ঠা অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ হাত আগবঢ়ালে সুখী হব, সেউজীয়া সপোনবোৰ সাকাৰ হ’ব। শ শ বিঘা পৰি থকা ভূমিত তেওঁলোকে সপোন দেখিছে সেউজীয়া হোৱাৰ। শ্ৰম কৰি গৈছে, কেৱল শ্ৰম কৰি আহিছে। চৰকাৰী চাকৰিমুখী নহৈ সকলোৱে খেতিৰ জৰিয়তে কিবা এটা কৰাৰ দুৰ্বাৰ হেপাঁহ পুহি ৰাখিছে। প্ৰথম বাৰৰ বাবে নৈপৰীয়া যুৱকসকলে এনেদৰে কৃষি কৰ্মত নিয়োজিত হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা