অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। গছে-বনে পাত সলোৱাৰ লগতে কুলি কেতেকীয়েও বসন্তৰ আগজাননী দিছে। হেপাঁহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে প্ৰতিজন অসমীয়াই বিভিন্ন ধৰণে প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে পলাশবাৰী বঙৰা মাজপাৰা চতুৰ্ভূজ সত্ৰৰ খেলপথাৰ প্ৰাংগনত অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ সহযোগত আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ উদ্যোগত যোৱা ৩০ মাৰ্চৰ পৰা অহা ১০ এপ্ৰিললৈ এঘাৰদিনীয়াকৈ বিনামূলীয়া বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ আয়োজন কৰিছে। উক্ত কৰ্মশালাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যিক এন.এছ.ইউ.আইৰ সভাপতি কৃষাণু বৰুৱাই। লগত উপস্থিত থাকে ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভানেত্ৰী তনভি তনজুম, সাংগঠনিক সাধাৰণ সম্পাদক অবিনাশ দাস, সাধাৰণ সম্পাদক আছিফ আহমেদ, সম্পাদক কৌশিক কাশ্যপ, নিহাৰ শইকীয়া আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ সভাপতি ছাকিল আহমেদ। ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ নেতৃত্বত অনুষ্ঠিত কৰা বিহুনৃত্য আৰু ঢোনবাদন কৰ্মশালাটি অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক বিহুনাচ তথা ঢোল বাদনৰ প্ৰতি আকৃষ্ট কৰোৱাৰ বাবে এই বিনামূলীয়াকৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। দক্ষিণ কামৰূপৰ প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে ছয়গাওঁৰ মানস বাবন, অৰ্জুন কলিতা, মইনা কলিতা আৰু বনিতা ঠাকুৰীয়াই বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। লগতে যোৱা ৩ এপ্ৰিলত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে অনুষ্ঠিত কৰা বিহু কুঁৱৰী প্ৰতিযোগীতাৰ বিহু কুঁৱৰী চয়নিকা দেৱীয়ে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। সংগঠনটোৱে বিনামূলীয়াকৈ বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা