আজি সন্ধ্যা ৫ বজাৰ পৰা মহানগৰীৰ পল্টন বজাৰ বেংগলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “বৃষ্টি কথা, গুৱাহাটী” ৰ সৌজন্যত বহুভাষিক কাব্য সন্ধ্যা বিশ্ব কবিতা দিৱসৰ স’তে সংগতি ৰাখি অনুষ্ঠিত হয় । কবি বিদ্যুৎ চক্ৰৱৰ্তীয়ে আঁত ধৰা নান্দনিক অনুষ্ঠান সমবেত সংগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছতে মীনাক্ষী চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত বৰ্ণিল কবি সন্মিলনত নিশুতি মজুমদাৰ, দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, দীপক শৰ্মা, ৰুমী লস্কৰ বৰা, ইন্দুপ্ৰভা দেৱী, মৈত্ৰেয়ী মুখাৰ্জী, মিনতি বৰুৱা, সঞ্জয় চক্ৰৱৰ্তী, বিকাশ সৰকাৰ, ৰূপম চক্ৰৱৰ্তী, সঞ্জয় চক্ৰৱৰ্তী, সজল পাল, মম্পি গুপ্তা, অলকা গোস্বামী, কমলিকা মজুমদাৰ, সুস্মিতা মজুমদাৰ, পৰাগ দেৱ চৌধুৰী, ডালিয়া সিংহ, চন্দামিতা নাথ, অসীমা সিংহ, গীতাঞ্জলি ৰায়, অসীম ঘোষ, মধুমিতা ঘোষ, তুষাৰ কান্তি সাহা, মুন চক্ৰৱৰ্তী প্ৰভৃতিয়ে অসমীয়া, বাংলা, বিষ্ণুপ্ৰিয়া মণিপুৰী, নেপালী, হিন্দী আদি ভাষাত কবিতা পাঠ কৰে । সুগন্ধী ফুল চটিয়াই কবি সমাজক আদৰণি জনোৱা কবি সন্মিলনত অংশ লৈ কবি, সাংবাদিক দীপক শৰ্মাই কয়- “কবি, সাহিত্যিক, সাংবাদিকৰ অন্তৰ নিৰ্মল হ’ব লাগে । গাখীৰতকৈ পৰিষ্কাৰ হ’ব লাগে । নিৰ্মল কবিয়ে জগতত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- “কবিতা মানেই মানৱতা।মানৱতা য’ত আছে, তাত কবিতা আছে । কবি মিনতি বৰুৱাই কয়-কবিতাৰ আকাশৰ তলত জিৰণি ল’লে শান্তি পায়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন