আঘোণ মাহ মানেই অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ মাহ আৰু আঘোণ অবিহনে অসমত চহা জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি । কিয়নো আঘোণ মাহতে বাৰিষা কালত প্ৰখৰ ৰদত কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ধান কটা বা চপোৱা হয়। দাবণীৰে পথাৰ ভৰি পৰে আৰু এক কথাত পথাৰত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় । ইফালে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহ বিগত দিন কেইটাত ধান কটা , কটা ধান কান্ধত ভাৰ বান্ধি ঘৰলৈ নিয়া ,আদি দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে । এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উদীয়মান কৃষক আৰু দেউচতালৰ নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী , ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে ইতিমধ্যে বেছিভাগ কৃষকৰ ধান কটা শেষ হৈছে । এতিয়া মাথোঁ কটা ধান ঘৰলৈ নিয়া আৰু ঘৰত মৰণা মৰা পৰ্ব চলি আছে । ৰাণীৰ বন বিভাগ আৰু ৰাইজৰ যৌথ প্ৰচেষ্টাৰত হাতীৰ উপদ্ৰপৰ পৰা ধানখিনি ৰক্ষা কৰিব পৰাৰ পাছত কৃষক ৰাইজে শান্তিৰে বছৰটোৰ বাবে লখিমীক ভঁৰালত ৰাখিবলৈ সাজু হৈছে। আনকি কিছু সংখ্যক কৃষকে মৰণা মৰা পৰ্ব শেষ হোৱাৰ পাছত নতুন ধানৰ চাউলৰে পৰম্পৰাগত ভাৱে ‘ন-খোৱা’ৰ বাবে সাজু হৈছে ।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন