মহানগৰীত ভাৰত বন্ধৰ আংশিক প্ৰভাৱ পৰিছে

0 227

কৃষক সংগঠনে দিয়া ভাৰত বন্ধৰ আংশিক প্ৰভাৱ পৰিছে অসমত।গুৱাহাটীতো বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।মহানগৰীত চিটি বাছৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হৈছে ।
ইয়াৰোপৰি প্ৰায়বোৰ দোকান পোহাৰো বন্ধ আছে।উল্লেখ্য অসমত এই বন্ধলৈ প্ৰদেশ কংগ্ৰেছে সমৰ্থন জনোৱাৰ উপৰিও বিভিন্ন দল-সংগঠনে দিছে সমৰ্থন।
অসম ৰাজ্যিক কৃষক সভাই সদৰি কৰা মতে অসমত পোৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই বন্ধৰ বাহাল থাকিব।ইফালে সমগ্ৰ দেশত কৃষক সকলে বিয়লি ৩ বজালৈ চকাবন্ধ কৰিব বুলি সদৰি কৰিছিল সোমবাৰে।

Leave A Reply

Your email address will not be published.