পশ্চিম গুৱাহাটীৰ দুহেজাৰ পৰিয়ালে নিৰৱে জালুকৰ বিপ্লৱ সৃষ্টি কৰিছে

0 298

পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ অধীনৰ অসম মেঘালয় সীমান্তত ১৩ খনকৈ গাঁওৰ দুই হাজাৰৰো অধিক পৰিয়ালে নীৰৱে কৰিছে জালুক খেতিৰ বিপ্লৱ। চৰকাৰ কিম্বা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোলোৱাকৈ তিনি চাৰি দশক ধৰি নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মাটাইখাৰ, পাটগাঁও, বান্ধৈপাৰা, উমশ্ৰু, নগাঁও, শালচাৰ, ৰাতাবাৰী, জিমিৰগাঁও, বাখানপাৰা, লুংখুং, কটানপাৰা, মুদুকী, ৰাণীবাৰী, ঔগুৰি আৰু লংচাই গাঁৱৰ প্ৰায় দুই হাজাৰ পৰিয়ালে জালুক খেতিৰ আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।
 
 
এই সন্দৰ্ভত প্ৰাণেশ্বৰ ৰাভা, কল্যাণ ৰাভা, ধ্ৰুৱজ্যোতি দলৈকে ধৰি জালুকৰ খেতিৰ লগত জড়িত কেইবাগৰাকী কৃষকে জানিবলৈ দিয়া মতে পূৰ্বতে জালুক বিক্ৰী কৰি কৃষক সকল বহুখিনি লাভৱান হৈছিল। কিন্তু লকডাউন আৰম্ভ হোৱাৰে পাছত বিগত তিনিমাহ ধৰি জালুকৰ বজাৰ বহুখিনি মন্দা হৈ পৰিছে। লকডাউনৰ আগতে প্ৰায় ৩০ কি:মি: নিলগৰ বিজয়নগৰত প্ৰতি কেজি জালুকত প্ৰায় ৫০০ ৰ পৰা ৭০০ টকা পৰ্যন্ত বিক্ৰী কৰিছিল। কিন্তু এতিয়া তাৰ মূল্য আধাতকৈ বেছি কমি গৈছে।
 
তামোল, নাৰিকল, আম, কঠালকে ধৰি বিভিন্ন গছত জালুক ৰোপন কৰাৰ পাছত গছজোপাই তিনি বছৰৰ পৰা প্ৰায় দহ বছৰলৈ প্ৰতি বছৰে নুন্যতম ৫ ৰ পৰা ৭ কেজি জালুক উৎপাদন কৰে। জালুকৰ সমান্তৰালভাৱে বেছিভাগ কৃষকে ধান, আদা, হালধিৰ উপৰিও ঋতুকালীন খেতি কৰি আহিছে আৰু বৃহত্তৰ অঞ্চলটোৰ খেতিয়কে। যাৰবাবে অঞ্চলটোৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত উন্নতমানৰ জালুক বিক্ৰীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগ, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ হস্তক্ষেপ কামনা কৰিছে। আনকি সচেতন নাগৰিকসকলে এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতা কামনা কৰিছে।

Leave A Reply

Your email address will not be published.