পশ্চিম গুৱাহাটীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ – আবদ্ধ পানী উলিয়াই দি নলা খান্দিবলৈ জলসম্পদ আৰু লোকনির্মাণ বিভাগক নিৰ্দেশ

0 270

বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ আন বহু জিলাৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চল – গ্ৰামাঞ্চলৰ বহু অঞ্চল বানপানীৰ কবলত পৰিছে । আনকি গ্ৰামাঞ্চলৰ আজাৰা ৰাজহ চক্ৰৰ ধাৰাপুৰ , গড়ল , মাজিৰগাঁও , আজাৰা আৰু কাঁহিকুছি গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত পাঁচোখন গাঁও পঞ্চায়তৰ বহু বাটপথ জলমগ্ন হৈছে । আনকি আবদ্ধ পানীভাগ সুচল ভাবে বৈ যাব নোৱাৰাৰ বাবে পাঁচোখন গাঁও পঞ্চায়তৰে বহু প্ৰাথমিক বিদ্যালয় , মজলীয়া বিদ্যালয় , উচ্চ মাধ্যমিক বিদ্যালয় আৰু ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয় বিগত কেবাদিনো ধৰি পানীৰ মাজত থকাত পাঠদান কার্য ব্যাহত হৈ আছে । আনহাতে আবদ্ধ পানীৰ বাবে শতাধিক পৰিয়াল জলবন্দী জীৱন কটাবলগীয়া হৈছে । ইয়াৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ পাঁচোখন গাঁও পঞ্চায়তৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে । বিধায়ক গৰাকীক সংগ দিয়ে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংসু ভৰদ্বাজ , লোকনির্মাণ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পুলক দাস , কনিষ্ঠ অভিযন্তা অমল ডেকা , জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়া , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া ,অগপৰ কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা ,পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , সহকাৰী সম্পাদক ৰুবুল বৈশ্য ,প্ৰণৱ দাসকে ধৰি কেবাজনো অগপ নেতা – কৰ্মীয়ে । আনহাতে পৰিদৰ্শন কালত বিধায়ক কলিতাই দুৰ্গত ৰাইজৰ দুখ – দুৰ্দশাৰ বুজ লোৱাৰ লগতে বান পৰিস্থিতিৰ অধিক অৱনতি হলে জিলা প্ৰশাসনৰ জৰিয়তে আশ্ৰয় শিবিৰ স্থাপন কৰা,পশুৰ বাবে খাদ্যৰ যোগান ধৰা হব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে বৰ্তমান যিখিনি পানী আবদ্ধ হৈ আছে সেই পানীভাগ উলিয়াই জলবন্দী ৰাইজক সকাহ দিয়াৰ বাবে এতিয়া সাময়িক ব্যৱস্থা হিচাপে নলা খন্দাৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে। বিধায়ক কলিতাই বানৰ কবলত পৰা কেবাখনো শিক্ষানুষ্ঠান চৌহদ পৰিদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.