ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ সভাগৃহত মামণি ৰয়ছম গোস্বামী অধ্যয়ন কেন্দ্ৰ এটাৰ শুভ উদ্বোধন কৰা হয় । মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ পূৰৱী কলিতাই আঁত ধৰা শুভ উদ্বোধন অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ কুকিলা গোস্বামীয়ে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মণীষা ভট্টাচাৰ্যই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী ভাষণত ডঃ মামণি ৰয়ছম গোস্বামীৰ জীৱন কৃতি সন্দৰ্ভত চমু আলোকপাত কৰাৰ লগতে সাহিত্যিক গৰাকীৰ অতুলনীয় কৰ্মৰাজি আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কত অবলোকন কৰি অসমীয়া বিভাগৰ এনে উদ্যোগৰ শলাগ লয় । অনুষ্ঠানটোত উপস্থিত থাকি ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ মধুলিমা চলিহা আৰু বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ শৰ্মাই অসমীয়া বিভাগৰ এনে পদক্ষেপক আদৰণী জনোৱাৰ লগতে মামণি ৰয়ছম গোস্বামীৰ সৃষ্টিৰাজিৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আগ্ৰহী কৰাৰ উপৰি অসমীয়া বিভাগক বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা