পাঁচদিনীয়াকৈ আৰম্ভ হ’ল দ্বাদশ বাৰ্ষিক চানডুবি উৎসৱ

0 209

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চিৰসেউজ চানডুবি। চৌপাশে সেউজীয়া পাহৰৰে আৱৰা এখন অৰণ্য। য’ত গছেও কথা কয়, গভীৰ জলৰাশিৰ বুকুত লুকাই আছে ৰহস্যময় মাদকতা। সেয়া দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উজলি থকা চানডুবি বিল। পৰম্পৰাগত লোকনৃত্য, কৃষ্টি, বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সমাহাৰৰে ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাচদিনীয়াকৈ আৰম্ভ হ`ল এই চানডুবি উৎসৱ। আজি উৎসৱখনিৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাই। চানডুবি উৎসৱৰ মূল তোৰণৰ দ্বাৰ মুকলি কৰি শুভাৰম্ভ কৰে পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। শুভাৰম্ভ ঠাকুৰীয়াই হেৰাই যাবলৈ ধৰা প্ৰাকৃতিক ঐতিহ্য, সম্পদ, জনগোষ্ঠী সমূহৰ কৃষ্টি সংস্কতি আদিৰ প্ৰকৃতিৰ সৈতে যি সম্পৰ্ক আছে সেই এৰাব নোৱাৰা সম্পৰ্কটোক চানডুবি উৎসৱে আগবঢ়ায় লৈ যাব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ পিছতে অতিথিশালা ডগৰবুৰা মুকলি কৰে লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া চামিম আখতাৰে। উৎসৱৰ প্ৰদৰ্শনস্থলী লাঙাবুঢ়াৰ দ্বাৰ মুকলি কৰে কুলশীৰ বনাঞ্চলিক বিষয়া দ্বীপন ডেকাই। চানডুবি উৎসৱৰ লগতি সংগতি ৰাখি প্ৰকাশ কৰি উৱিওৱা স্মৃতিগ্ৰন্থ ‘লকেয়া’ উন্মোচন কৰে ৰহস্য আলোচনীৰ সম্পাদক বাবু ৰাভা হাকাচামে। অনুষ্ঠানৰ মাজে মাজে বাগেজাৰী নৃত্য, বড়ো নৃত্য, বাগৰুম বা, ৰাভা জনগোষ্ঠীৰ সাথাৰ আদি প্ৰদৰ্শনে উপস্থিত দৰ্শকক আপ্লুত কৰে। পাঁচ জানুৱাৰীলৈকে চলিব লগা চানডুবি উৎসৱৰ দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ বাবে বাঁহ, খেৰ আদি থলুৱা সামগ্ৰীৰে মুল তোৰণ, অতিথিশালাৰ লগতে বিভিন্ন ধৰণৰ সৰু সৰু ঘৰ সুন্দৰকৈ সাজিছে। বিশেষকৈ এটি থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা অতিথিশালা আৰু পোৰা মাংস, বাঁহৰ চুঙাত চাহ, বাঁহৰ চুঙাৰ ভাত, জুইত সেকা গৰৈ মাছৰ পিতিকা, ঔ টেঙাৰ বৰালি মাছৰ জোল আদি লগতে গ্ৰাম্যঞ্চলৰ বিধে বিধে পিঠা পনাই দৰ্শনাৰ্থীসকলে আমোদ লৈছে। আনহাতে উৎসৱস্থলীত লাঙাবুঢ়া নামেৰে এখনি বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, ১৮৯৭ চনত এক ভুমিকম্পৰ ফলত হোৱা চানডুবি বিল সংৰক্ষণৰ বাবে বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত ২০১০ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে চানডুবি মহোৎসৱ। থলুৱা খেল ধেমালী প্ৰতিযোগিতাই চানডুবি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি বিল উৎসৱৰ সকলো কাৰ্যসূচীতে দেশ-বিদেশৰ পৰ্যটকৰ লগতে বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.