পাইপলাইন ব্যৱহাৰৰ অধিকাৰ(আৰ অ’ ইউ) ৰ বাবে এন আৰ এলৰ ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড(আই জি জি এল)ৰ সৈতে চুক্তিৰ স্বাক্ষৰ

0 185

এন আৰ এলে ইন্দ্ৰধনুৰ গেছ গ্ৰীড লিমিটেড ৰ সৈতে পাইপলাইনৰ ব্যৱহাৰৰ অধিকাৰৰ এক চুক্তিত যোৱা ২১ অক্টোবৰত স্বাক্ষৰ কৰিছে। IGGL হ’ল এন আৰ এল ইণ্ডিয়ান অইল কোৰ্পোৰেশ্বন , তেল নিগমৰ এক যৌথ অভিযান।দুয়োটা প্ৰতিষ্ঠানৰ তৰফৰ পৰা এন আৰ এলৰ মহাপ্ৰবন্ধক পি জে শৰ্মা আৰু আই জি জি এলৰ মুখ্য প্ৰকল্প প্ৰবন্ধক পংকজ পাটোৱাৰীয়ে এন আৰ এলৰ সঞ্চালক বি জে ফুকন,এন আৰ এলৰ সঞ্চালক ইন্দ্রনীল মিত্ৰ,আই জি জি এলৰ চি ই অ’ এ কে ঠাকুৰ তথা দুয়োটা প্ৰতিষ্ঠানৰ অন্য জ্যেষ্ঠ বিষয়ামণ্ডলী উপস্থিতিত এই চুক্তিৰ স্বাক্ষৰ কৰে।
এন আৰ এলে ১,৬৭০ কিলোমিটাৰ দৈৰ্ঘ্য পাৰাদ্বীপ নুমলীগড় খাৰুৱা তেল পাইপলাইন স্থাপন পৰিকল্পনা কৰিছে।এই পাইপলাইনৰ জৰিয়তে উড়িসাৰ পাৰাদ্বীপৰ পৰা পশ্চিম বংগ, ঝাৰখণ্ড,বিহাৰহৈ নুমলীগড় স্থিত নিজৰ ৰিফাইনেৰীলৈ খাৰুৱা তেল পৰিবহন কৰা হ’ব।এই পাইপলাইন প্ৰকল্পটো এন আৰ এলৰ উৎপাদন ক্ষমতা প্ৰতি বছৰে ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বৃহৎ একীকৃত ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্পৰ এক অভিন্ন অংগ।এই সমগ্ৰ প্ৰকল্পটোত ২৮,০০০ কোটি টকাৰো অধিক পুঁজিৰ বিনিয়োগ কৰা হ’ব।
ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চল সমূহক নেশ্বনেল গেছ গ্ৰীডৰ সৈতে সংযুক্ত কৰিবলৈ নিজৰ প্ৰকল্পৰ অংশ হিচাপে আই জি জি এলে গুৱাহাটী পৰা নুমলীগড়লৈ গেছ পাইপলাইন সংস্থাপনৰ কাম কৰি আছে।আই জি জি এলৰ প্ৰাকৃতিক গেছ পাইপলাইন গুৱাহাটীৰ লগত ইটানগৰ,ডিমাপুৰ,কোহিমা,ইম্ফল,আইজল,শ্বিলং,শিলচৰ,গেংটক আৰু নুমলীগড়ৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধান চহৰ নগৰ সমূহ সংযুক্ত কৰিব। NRL আৰু IGGLৰ পাইপলাইন ভাগবতৰা চুক্তি পি এন চি পি এল প্রকল্প আৰু উত্তৰ পূব গেছ গ্ৰীড প্ৰকল্পৰ মাজত এক লাভজনক চুক্তি ৰূপে পৰিগণিত হ’ব ,কিয়নো পাইপলাইন প্ৰায় ৩৮৬ কিলোমিটাৰ দূৰত্বৰ বাবে বাইহাটা পৰা নুমলীগড় মাজত একে পথত ভাগবতৰা হ’ব।এই আৰ অ’ইউ ম’ডেল পাইপলাইন সংস্থাপন কৰা কাম সম্বন্ধিতে অন্য কাম তথা পিছত পাইপলাইন কৌশল পূৰ্ণ পৰিচালনা বাবে ভূমি অধিগ্ৰহণ আদি সুবিধা জনক হ’ব।এই চুক্তিয়ে গেইলৰ লগত এন আৰ এলৰ প্ৰথম পাইপলাইন আৰ অ’ইউৰ অংশীদাৰী চুক্তি অনুসৰণ কৰে।প্ৰধান মন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ এক অংশৰূপে ২০১৮ চনৰ ১৪ অক্টোবৰত সম্পাদিত এই চুক্তিত বিহাৰৰ পূর্ণিয়াৰ পৰা বাইহাটা চাৰিআলিলৈ ৫৫০ কিলোমিটাৰ দূৰত্বৰ বাবে স্বাক্ষৰ কৰা হৈছিল।
এই চুক্তি সমূহ চৰকাৰৰ গুৰুত্বপূৰ্ণ মাইলৰ খুটি।উত্তৰ পূৱ ভাৰতৰ বাবে ভাৰতবৰ্ষৰ হাইড্ৰকাৰ্বন ভিজন ,২০৩০ অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ পেট্ৰলিয়াম উৎপাদন সমূহ বৰ্দ্ধিত চাহিদাৰ অনুৰূপ স্বচ্ছ ইন্ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে অঞ্চলটোৰ হাইড্ৰকাৰ্বন ক্ষমতা লাভ গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হৈছে আৰু অঞ্চলটোৰ সামাজিক আৰ্থিক উন্নয়নত এন আৰ এলৰ গুৰুত্বপূৰ্ণ ভূমিকা ৰেখাংকিত কৰিছে।

Leave A Reply

Your email address will not be published.