পাণ খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন দেখুৱাইছে ঢকুৱাখনাৰ এজন যুৱকে

0 215

যি সময়ত শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ সন্ধানত হাবাথুৰি খাই সময় নষ্ট কৰিছে, সেই সময়তে ঢকুৱাখনাৰ সোৱনশিৰি হাতীয়ে মৰা ভৰতচুক গাঁৱৰ এগৰাকী শিক্ষিত যুৱক দেবানন্দ মিলিয়ে দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন৷ উল্লেখযোগ্য যে দেশ তথা ৰাজ্যখনত কভিড-১৯ৰ ভয়াবহ পৰিস্থিতিত ক্ষুদ্ৰ ব্যৱসায়ী সকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে সেই সময়তে দেৱানন্দ মিলি নামৰ যুৱকজনে পাণৰ খেতি কৰি বছৰি ৩ ৰ পৰা ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
তিনি বিঘা মাটিত পাণ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকীৰো স্বাৱলম্বিতাৰ পথ সুগম কৰিছে যুৱকজনে৷জানিব পৰা মতে উচ্চ শিক্ষিত দেৱানন্দ মিলিয়ে চৰকাৰী চাকৰিৰ দৌৰত লাগি নাথাকি নিজ ঘৰতে থাকি পাণৰ পৰা দৈনিক ৩০০-৪০০ গুছি পৰ্যন্ত বিক্ৰী কৰি মাহেলী ২৫-৩০হাজাৰ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আহিছে।

Leave A Reply

Your email address will not be published.