পানীদিহিং পক্ষী অভয়াৰণ্যত পক্ষী আৰু উদ্ভিদ বিষয়ক বিজ্ঞানভিত্তিক অধ্যয়ন কাৰ্যসূচী

0 333

যিসময়ত বিশ্বত প্ৰকৃতিৰ সুৰক্ষাৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজ পূবতকৈ অধিক সচেতন হোৱাৰ বিষয়ে সৰ্বত্ৰে  প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, তেনে সন্ধিক্ষণত নৱপ্ৰজন্মৰ মাজত পৰিবেশৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে শিৱসাগৰ বন সংমণ্ডলৰ কাৰ্য্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।
শিৱসাগৰ বন সংমণ্ডলৰ বিষয়া জয়শ্ৰী নাইডিঙৰ নেতৃত্বত যোৱা ২৩ ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰৰ ৪খন মহাবিদ্যালয় আৰু ৩ খন বিদ্যালয়ৰ ৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পানীদিহিং পক্ষী অভয়াৰণ্য ভ্ৰমণ কৰোৱাই আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনত আমাৰ পক্ষীকূল, জলাহভূমি আৰু ঘাঁহনি পৰিস্থিতি তন্ত্ৰক এক বৈজ্ঞানিক চিন্তাধাৰাৰে অনুভৱ কৰোৱাৰ হকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।
অসমৰ কেইবাগৰাকী পক্ষীবিদ আৰু উদ্ভিদবিদৰ সহযোগত বন বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্ৰ-ছাত্ৰী সকলক পানীদিহিং পক্ষী অভয়াৰণ্য খনৰ বিভিন্ন পক্ষী আৰু গছ- গছনি সমূহ পৰিচয় কৰোৱাই দিয়ে। এই যাত্ৰাত পানীদিহিং পক্ষী অভয়াৰণ্যৰ উত্তৰ দিশে থকা ফুলাই আৰু কান্দুলিজান বিললৈ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নি পানীদিহিং পক্ষী অভয়াৰণ্যৰ প্ৰাকৃতিক পৰিৱেশৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে পৰিস্থিতি তন্ত্ৰৰো অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা হয়।
সমল ব্যক্তি হিচাপে পক্ষীবিদ মৃদুপৱন ফুকন, দেৱশীষ গগৈ আৰু ময়ূৰ বাউৰীয়ে অংশগ্ৰহণ কৰি সমগ্র যাত্ৰাটোত দেখা পক্ষী সমূহ দেখুৱাই ছাত্ৰ-ছাত্ৰী সকলৰ মনত এক বৈজ্ঞানিক চিন্তাধাৰা জাগ্ৰত কৰাৰ প্ৰয়াস কৰে।
শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ক্ৰমে ডঃ উৎপল দত্ত আৰু ডঃ প্ৰভাত চন্দ্ৰ নাথে ছাত্ৰ- ছাত্ৰী সকলক অভয়াৰণ্যখনৰ পৰিস্থিতিতন্ত্ৰ সমূহৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে যাত্ৰাকালত দেখাপোৱা গছ-পুলি সমূহৰ সৈতে পৰিচয় কৰাই ইয়াৰ গুৰুত্ব সন্দৰ্ভত সাৱলীল ব্যাখ্যা আগবঢ়ায় আৰু এইসমূহৰ সংৰক্ষণৰ হকে আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে প্ৰায় ৬৫ টা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে ৫৫ টাৰো অধিক উদ্ভিদ প্ৰজাতিৰ সৈতে পৰিচয় হয়। ছাত্ৰ-ছাত্ৰী সকলে ফুলাই আৰু কান্দুলিজান বিল প্ৰত্যক্ষ কৰি ইয়াৰ পৰিস্থিতি তন্ত্ৰৰ অধ্যয়নৰো সুযোগ লাভ কৰে। তেওঁলোকৰ অনুভৱ ব্যক্ত কৰি ছাত্ৰ-ছাত্ৰী সকলে বন বিভাগৰ এনে পদক্ষেপক এক সময়োপযোগী পদক্ষেপ ৰূপে অভিহিত কৰি ভৱিষ্যতেও এনে কাৰ্যসূচী হাতত লোৱাৰ বাবে বিভাগক আহ্বান জনায়।
উল্লেখযোগ্য যে, বন বিষয়া জয়শ্ৰী নাইডিঙে জানিব দিয়া মৰ্মে পানীদিহিং পক্ষী অভয়াৰণ্য বৰ্তমানেও সম্পূৰ্ণ অক্ষত অৱস্থাত আছে যদিও এই অঞ্চলত অবৈধ মাছ ধৰা আৰু অবৈধ পক্ষী নিধন কৰা কাৰ্যৰ বিষয়ে তেওঁ তথ্য লাভ কৰিছে। বন বিভাগৰ তৰফৰ পৰা এনে কাৰ্য ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.