পানী আৰু অনাময় মিছনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত

0 232

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত কালি উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা পানী আৰু অনাময় মিছনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।
 
 
বৈঠকত জিলাখনত ৰূপায়ন হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ “জল জীৱন মিছন”ৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয়। জিলা উপায়ুক্তই এই মিছনৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ কামকাজৰ প্রতিটো স্তৰত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ সহযোগী বিভাগ সমূহক আহ্বান জনায়। তেখেতে জিলাখনৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক এই মিছনৰ কামকাজৰ গুণাগুণ মানদণ্ড উন্নত হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ত্ৰুটিহীনভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।
 
এই আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ কৰাৰ লগতে পানীৰ পৰা সংক্ৰমণ হোৱা ৰোগ সমূহৰ পৰাও হাত সাৰিব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ় মতপোষণ কৰে।  লগতে কয় যে জিলাখনত জল জীৱন মিছনৰ সফল ৰূপায়নে প্ৰধান মন্ত্ৰীৰ ২০২৪ চনলৈ হৰ ঘৰ জলৰ সপোন বাস্তৱায়িত কৰাত সহায়ক হ’ব।
উল্লেখযোগ্য যে, ভাৰত চৰকাৰে National Rural Drinking Water Programme (NRDWP) ক জল জীৱন মিছনলৈ সন্মিলিত কৰি ২০২৪ চনলৈ প্ৰতিটো ঘৰতে পানীৰ টেপ সংযোজনৰ জৰিয়তে প্রতিটো পৰিয়াললৈ পানী যোগান ধৰাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। শিৱসাগৰ সংমণ্ডলৰ অধীনত পানী যোগান ধৰিব লগীয়া ১,১৮,৪০৪ টা পৰিয়াল ভিতৰত মাৰ্চত ৫,২০৪ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে।
 
 
আজিৰ বৈঠকত জল জীৱন মিছনৰ ২০২০-২১ বৰ্ষৰ কৰ্ম আঁচনিখনক সৰ্বসন্মতি ক্ৰমে অনুমোদন জনোৱা হয়।এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক স্যমন্ত মাধৱ শৰ্মাকে আদি কৰি সহযোগী বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলো উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.