দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল ৰংঘৰ ,তলাতল ঘৰ

0 267

দেশত চলি থকা ক’ৰণা ভাইৰাছৰ সংহাৰৰ মাজতে আছে এক সুখবৰ। এই সময়তে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰংঘৰ, তলাতল ঘৰ তথা বিভিন্ন পৰ্যটন ক্ষেত্ৰ সমূহ। সাম্প্ৰতিক সময়ত ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় ধৰি ৰাজ্যৰ এই পৰ্যটন ক্ষেত্ৰ সমূহ বন্ধ হৈ আছিল।
 
 
 
স্মৰ্তব্য যে আজিৰে পৰা পৰ্যটন ক্ষেত্ৰ সমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে পূৰ্বতে যেনেদৰে তাত প্ৰৱেশ কৰিবলৈ কাউণ্টাৰত টিকট কাটি যাব লাগে এইবাৰ ইয়াৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হ’ব।
 
 
পৰ্যটক সকলে বৰ্তমান সময়ত ৰংঘৰ তলাতল ঘৰত প্ৰৱেশ কৰিবলৈ হ’লে asi.payumoney.com নামৰ ৱেবছাইটোৰ জৰিয়তে অনলাইন টিকট সংগ্ৰহ কৰিব লাগিব। পৰ্যটক সকলে যাতে ক’ৰণা সংক্ৰমণৰ পৰা নিজকে বচাব পাৰে তাৰ বাবে সামাজিক ব্যৱধান মানি চলি এবাৰত ২০জন পৰ্যটকৰ প্ৰৱেশৰ ব্যৱস্থা কৰিছে পৰ্যটনস্থলী সমূহত। ইয়াৰোপৰি তাত প্ৰৱেশৰ পূৰ্বে পৰ্যটকৰ বাবে চেনিটাইজাৰ আৰু প্ৰতিজন ব্যক্তিৰ থাৰ্মেল স্কেনিঙৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে পুৰাতত্ব বিভাগে।

Leave A Reply

Your email address will not be published.